Hathras Road Accident : হাথৰাছত ভয়ংকৰ পথ দুৰ্ঘটনা, ৫ জন নিহত, ৮ জন আহত
নেশ্যনেল ডেস্ক, ৫ আগষ্ট : উত্তৰ প্ৰদেশৰ হাথৰাছত ভয়ংকৰ পথ দুৰ্ঘটনা (Hathras Road Accident)৷ শুকুৰবাৰে নিশা উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত হয় পথ দুৰ্ঘটনা । দুৰ্ঘটনাৰ ফলত ৫ জন লোকৰ মৃত্যু হয় । আনহাতে ৮ জন লোক গুৰুজৰভাৱে আহত হয় (Hathras Road Accident Five killed 8 injured)।
শুকুৰবাৰৰ নিশা প্ৰায় ১২ বজাত সাহাপৌ কোটৱালি অঞ্চলৰ সাদাবাদ পথত ট্ৰেক্টৰ-ট্ৰলী আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো (Hathras Road Accident)৷ ট্ৰেক্টৰখনত থকা ৫ জন লোকৰ মৃত্যু হয় । আনহাতে প্ৰায় ৮ জন লোক আহত হৈছে বুলি জানিবলৈ পৰা গৈছে । আহতসকলৰ ভিতৰত ৬ জনক আগ্ৰা চিকিৎসা মহাবিদ্যালয় আৰু এজনক আলিগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
ট্ৰেক্টৰ-ট্ৰলীখন ইটাহ জিলাৰ জলেছাৰৰ পৰা গোৱৰ্ধনলৈ গৈ আছিল । ট্ৰেক্টৰ-ট্ৰলীখনত থকা আৰোহীসকল এটা পৰিয়ালৰে আছিল বুলি জানিবলৈ পৰা গৈছে । ট্ৰেক্টৰ-ট্ৰলীখনে ৫০-৬০ গৰাকী লোক কঢ়িয়াই আনিছিল । ট্ৰেক্টৰ-ট্ৰলীখনে সাহাপৌ কোটৱালি অঞ্চলৰ সদাবাদ পথেৰে আহি থকাৰ সময়তে সন্মুখৰ পৰা অহা এখন ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাটোৰ ফলত বহু লোক আহত হয় । আহত একাংশক সাদাবাদৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যোৱা হয় ।
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনোৱা অনুসৰি, দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে । আহত ৮ জনক সাদাবাদত চিকিৎসাধীন হৈ আছে আৰু আঘাতপ্ৰাপ্ত স্বামী-স্ত্ৰী হাথৰাছৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব দিয়ে। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী অধীক্ষক দেৱেশ কুমাৰ পাণ্ডে, চি অ’ গোপাল সিং, সদাবাদৰ উপ-জিলা দণ্ডাধীশ সঞ্জয় কুমাৰ, তহচিলদাৰ অনিল কুমাৰ, তহচিলদাৰ সত্যেন্দ্ৰ চৌধুৰীকে ধৰি অন্যান্য বিষয়াসকলে সদাবাদৰ চিকিৎসালয়ত উপস্থিত হৈ আঘাতপ্ৰাপ্তসকলৰ অৱস্থাৰ বুজ লয় ৷
লগতে পঢ়ক : Titabor Fire incident : তিতাবৰত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল ৫ খনকৈ দোকান