Amrit Bharat Station Scheme : দেশৰ ১২৫৭টা ষ্টেচন হ’ব আধুনিকীকৰণ, ৰঙিয়া ডিভিজনৰ ১৫টা ষ্টেচনো হ’ব উন্নত

নিউজ ডেস্ক, ৫ আগষ্ট : ভাৰত চৰকাৰৰ বৃহৎ পদক্ষেপ (Amrit Bharat Station Scheme)। ভাৰত চৰকাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ জৰিয়তে সমগ্ৰ ভাৰতৰ ১২৫৭টা ৰে’ল ষ্টেচনৰ আধুনিকীকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ৰঙিয়া ডিভিজনৰ অন্তৰ্গত মুঠ ১৫টা ৰে’ল ষ্টেচনকো একেখন আঁচনিৰ জৰিয়তে উন্নীত কৰা হ’ব (Central Government to Modernize 1257 Railway Stations)। এই বিষয়ে এখন সংবাদমেল যোগে ৰে’ল মাণ্ডলিক বিষয়া নিৰজ গুপ্তাই জনায়।
কেন্দ্ৰীয় চৰকাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰঙিয়া বিভাগৰ অধীনত ১৫ টা ষ্টেচনকে ধৰি সমগ্ৰ ভাৰতৰ ১২৫৭ টা ৰেল ষ্টেচনৰ আধুনিকীকৰণ কৰা হ’ব(Amrit Bharat Station Scheme) ।
নিৰজ গুপ্তাই কয় যে, আগন্তুক ৬ আগষ্টত দিল্লীৰ পৰা ভাৰ্চুৱেলি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰঙিয়া ডিভিজনৰ ১৫টাৰ ভিতৰত ৪টা ষ্টেচনৰ আধাৰশিলা কৰিব। এই ৪টা ষ্টেচনৰ ভিতৰত ৰঙিয়া , নিউ বঙাইগাঁও আৰু উত্তৰ ৰাঙাপাৰা ষ্টেচনৰ আধাৰশিলা কৰা হ’ব। লগতে একে দিনাই মেঘালয়ৰ মেন্দিপথাৰ ষ্টেচনৰো ৱৰ্ল্ড ক্লাছ ষ্টেচন আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰা হ’ব।
জানিব পৰা মতে, ৰঙিয়া ষ্টেচন নিৰ্মাণত ৪১.৩ কোটি টকা , নিউ বঙাইগাঁও ষ্টেচন নিৰ্মাণত ৫৩.৫ কোটি টকা , উত্তৰ ৰাঙাপাৰা ষ্টেচন নিৰ্মাণত ৫৫.২ কোটি টকা আৰু মেন্দিপথাৰ ষ্টেচন নিৰ্মাণত ৩৯ কোটি টকা ব্যয় কৰা হ’ব।
এই ষ্টেচনসমূহৰ উন্নীতকৰণৰ পিছত ইয়াত যাত্ৰীসকলৰ বাবে বিভিন্ন ধৰণৰ সুবিধা উপলব্ধ হ’ব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। বিশেষকৈ বিনামূলীয়া ৱাইফাই , পৰিষ্কাৰ খোৱা পানী , আধুনিক অনাময় সুবিধা , চিচিটিভিৰ পৰ্যবেক্ষণ, যাত্ৰীসকলৰ বাবে বিভিন্ন সা-সুবিধা তথা বিশ্ৰাম কক্ষ , দিব্যাংগসকলৰ বাবে বিশেষ সুবিধা আগবঢ়োৱাৰ লগতে ৰে’লৰ ট্ৰেক সমূহৰ আধুনিকীকৰণো কৰা হ’ব।
লগতে পঢ়ক : Titabor Fire incident : তিতাবৰত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল ৫ খনকৈ দোকান