Local, Vocal, Global

Wooden Bridge Collapsed : নিৰ্মাণৰ দুবছৰ নৌহ‍ওঁতেই ভাগি পৰিল চতিয়াৰ পলশনিৰ টৌ দলঙ খ্যাত কাঠৰ দলং

চতিয়া, ৪ আগষ্ট : চতিয়াৰ পলশনি আৰু কুৰুৱাআটি সংযোগী টৌ দলং খ্যাত এখন কাঠৰ দলংখন (Wooden Bridge Collapsed)শুকুৰবাৰে ভাঙি পৰে। লক্ষ্যণীয় যে, এই দলঙখন নিৰ্মাণৰ বাবে বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ আত্মীয়‌ দিগন্ত বৰঠাকুৰে ঠিকা লাভ কৰিছিল। দলঙখন নিৰ্মাণৰ ২ বছৰ নৌহ‍ওতেই ভাঙি পৰিল এই দলংখন(two years into construction the Wooden Bridge Collapsed)।

এইখন দলঙখনৰ আছিল এক ইতিহাস। দলঙখনৰ নিৰ্মাণৰ পূৰ্বে ভৰ বাৰিষা কুৰুৱাআটি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰ-ছাত্ৰীয়ে টোত উঠি ঘিলাধাৰী নদী পাৰহৈ বিদ্যালয়লৈ গৈছিল। এই বাতৰিয়ে সেই সময়ত অসমৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত স্থান লাভ কৰিছিল।

ইয়াৰ পিছতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এখন কাঠৰ দলং নিৰ্মাণ কৰি দিছিল। তেতিয়াৰ পৰাই টৌ দলং হিচাপে সৰ্বজন পৰিচিত হৈ পৰিছিল এই দলঙখন।উল্লেখ্য যে, এই কাঠৰ দলঙখন ইয়াৰ পিছতে বহুবাৰ মেৰামতি কৰা হয় যদিও শেহতীয়াকৈ আজিৰ পৰা প্ৰায় ১ বছৰৰ আগতে দলংখন পুনৰ নিৰ্মাণ কৰা হৈছিল। যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিল কেইবাখনো গাওঁৰ।

লগতে পঢ়ক : Man died due to electric shock : টীয়কত বিদ্যুৎস্পৃষ্ট হৈ নিহত এজন লোক