Assam CM Reply to Bajrang Dal : টুইটাৰত মুখ্যমন্ত্ৰী পৰিয়ালৰ ফটো শ্বেয়াৰক লৈ সমালোচনা, উচিত প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক, ৪ আগষ্ট : অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ পত্নীৰ জন্মদিন উদযাপনৰ এখন ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল(Assam CM Reply to Bajrang Dal )। নৈশ ভোজনৰ পিছত পৰিয়ালৰ সৈতে এই ফটোখন শ্বেয়াৰ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছিল একাংশই (Chief Minister family criticized for sharing photos on Twitter)।
‘হিন্দু আধিপত্যবাদী’ নেতাসকলে তেওঁলোকৰ সন্তানক বিদেশত পঢ়া–শুনা কৰিবলৈ পঠায় আৰু তেওঁলোকক কেতিয়াও সোপন্থী সংগঠনত যোগদান কৰিবলৈ নিদিয়ে। এই সমালোচনাৰ উচিত প্ৰত্যুত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে তেওঁৰ ২২ বছৰীয়া পুত্ৰৰ প্ৰতি এই ধাৰণা লোৱাটো অনুচিত যে তেওঁ ‘সঠিক’ সময়’ত ‘সঠিক সিদ্ধান্ত’ ল’ব নোৱাৰিব।
হাৰিয়ানাৰ নুহত বজৰং দলৰ সদস্যসকলৰ সৈতে চলি থকা সাম্প্ৰদায়িক হিংসাৰ মাজতে পৰিয়ালৰ সৈতে ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰাক লৈ সমালোচনাৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। য’ত তেওঁৰ পুত্ৰকো সাঙুৰি লোৱা হৈছিল। বহুতেই উল্লেখ কৰিছিল যে বিজেপি নেতাসকলে তেওঁলোকৰ সন্তানক এনেধৰণৰ ঘটনাত জড়িত হ’বলৈ অনুমতি নিদিয়ে।
Xত (পূৰ্বৰ টুইটাৰ) হিমন্ত বিশ্ব শৰ্মাই পোষ্ট কৰা ফটোখন ৰিপ’ষ্ট কৰি শিক্ষাবিদ অশোক শ্বেইনে কয় যে, ‘‘হিন্দু আধিপত্যবাদী নেতাসকলে তেওঁলোকৰ সন্তানক বিদেশত পঢ়িবলৈ পঠিয়ায়, তেওঁলোকে পশ্চিমীয়া পোছাক পৰিধান কৰে আৰু বিলাসী জীৱন উপভোগ কৰে। কিন্তু তেওঁলোকে কেতিয়াও নিজ সন্তানক ‘হিন্দু বিপদত থকা’ৰ নামত বজৰং দল অথবা দুৰ্গা বাহিনী বা বিজেপি আইটি চেলত যোগদান কৰিবলৈ নিদিয়ে!’’
ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই লিখে যে, ‘‘মই আচৰিত হৈছো যে আপুনি মাত্ৰ এখন পাৰিবাৰিক ফটোৰ পৰা এনে কঠোৰ মন্তব্য কৰিছে।’’ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘মোৰ পুত্ৰৰ বয়স বৰ্তমান ২২ বছৰ আৰু অধ্যয়ন কৰি আছে । তেওঁ সঠিক বয়সত সঠিক নিৰ্বাচন নকৰিব বুলি ধাৰণা কৰাটো অনুচিত।’’
উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰীয়ে এই সমালোচনাক ৰাজবংশীয় উত্তৰাধিকাৰীৰ প্ৰচাৰৰ সৈতেও সংযুক্ত কৰে । তেওঁ কয় যে আমাৰ আদৰ্শগত পৰিয়ালত, যাক সাধাৰণতে সংঘ পৰিয়াল বুলি কোৱা হয়, তাত যোগদান কৰাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰয়োজন।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ‘‘আমাৰ আদৰ্শগত পৰিয়ালত, বিজেপিৰ আই টি চেল অথবা আন যিকোনো সংগঠনত যোগদান কৰিবলৈ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰয়োজন । এয়া কেৱল নেতাৰ পুত্ৰ বা কন্যা হোৱাৰ ওপৰত আধাৰিত হ’ব নালাগে। আমাৰ ল’ৰা-ছোৱালীৰ সহজ প্ৰৱেশৰ বাবে আপোনাৰ যি পৰামৰ্শ, এই পৰামৰ্শই এনে ধাৰণা প্ৰদান কৰে যে আপুনি ৰাজবংশীয় উত্তৰাধিকাৰৰ প্ৰচাৰত বিশ্বাস কৰে।’’ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, “মোৰ পুত্ৰক সহজ প্ৰৱেশ কৰিবলৈ নক’ব, তেওঁক এয়া অর্জন কৰিবলৈ দিয়ক।”
লগতে পঢ়ক : Modi surname case: ৰাহুল গান্ধীৰ ২ বছৰৰ কাৰাদণ্ডৰ স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে