Man died due to electric shock : টীয়কত বিদ্যুৎস্পৃষ্ট হৈ নিহত এজন লোক

নিউজ ডেস্ক, ৪ আগষ্ট : টীয়কত পুৱাই অঘটন ৷ শুকুৰবাৰে পুৱা টীয়কৰ উত্তৰ দুলীয়া গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হয়(Man died due to electric shock) । মৃত ব্যক্তিজনৰ নাম মইনা বৰা বুলি জানিব পৰা গৈছে (Man died due to electric shock ) ৷ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে পুৱা মইনা বৰাই বাঁহনিত বাঁহ কাটি আছিল ৷ তেনে সময়তে কটা এডাল বাঁহ লাগি যায় উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত ৷ যাৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷
ইপিনে ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত বৰাক টীয়ক এফ আৰ ইউলৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ব্যক্তিজনক । উল্লেখযোগ্য যে, উক্ত অঞ্চলৰে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ পাৰ নকৰিবলৈ লগতে অন্য ফালেদি বিদ্যুৎ পৰিবাহী তাঁৰ নিবলৈ বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ স্থানীয় ৰাইজে দাবী জনাই আহিছে ৷
কিন্তু আজি পৰ্যন্ত বিদ্যুৎ বিভাগে ইয়াৰ কোনো ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ পৰিণতিত উক্ত ঘটনাটো সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে ৷ সেয়ে অনতি পলমে উক্ত উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰ স্থানান্তৰিত কৰিবলৈ পুনৰ বিদ্যুৎ বিভাগক আহ্বান জনাইছে যাতে পুনৰ এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত নহয় ।
উল্লেখ্য যে কিছুদিন পূৰ্বে মৰাণত বিদ্যৎপৃষ্ট হৈ মাতৃ-পুত্ৰৰ মৃত্যু হৈছিল তাৰ পিছতে মৰাণ চাহ বাগিচাৰ কাৰ্যালয় সৃষ্টি হয় (Electrocution Incident in Moran) উত্তপ্ত পৰিস্থিতি । বিদ্যুত বিভাগৰ গাফিলতিৰ পৰিণতিত দুজনকৈ লোকৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি ঘেৰাও কৰিবলৈ ওলাই আহিছিল শ শ শ্ৰমিক । বিদ্যুৎ বিভাগ আৰু বাগিচা কৰ্তৃপক্ষক দোষাৰোপ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে(Mother and Son die of Electric shock in Maran) ।
লগতে পঢ়ক : Hatigaon Murder Case : হাতীগাঁও ফেণ্ডছ পথত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্রেপ্তাৰ