Local, Vocal, Global

Excise department raids in Barpeta: বৰপেটাত আবকাৰী বিভাগৰ অভিযানৰ পিছতে উৎখাত বিলাতী সুৰাৰ ঘাটি

বৰপেটা, ৪ আগষ্ট : আগে- আগে আৰক্ষী আৰু আবকাৰী বিভাগৰ দল। পিছে পিছে এদল ৰণচণ্ডী মহিলা।মহিলা সকলৰ হাতে হাতে শিলগুটি, লাঠি।এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ দামৰাবোৱা গাঁৱত ।

আবকাৰী মন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে বিলাতী সুৰাৰ ঘাটি উৎখাত কৰিবলৈ অভিযান চলালে আৰক্ষী, প্ৰশাসনিক বিষয়া আৰু আবকাৰী বিভাগৰ দলে। কিন্তু আৰক্ষী আৰু আবকাৰী বিভাগৰ দলক অভিযান চলাবলৈ ৰণচণ্ডী ৰূপ ধাৰণ কৰি বাধা প্ৰদান কৰিলে একাংশ মহিলাই ৷ মহিলা সকলৰ হাতে হাতে শিলগুটি, লাঠি লৈ আৰক্ষীক খেদিবলৈ যায় ।

আৰক্ষীয়ে উৎখাত কৰিলে বিলাতী সুৰাৰ ঘাটি লগতে নষ্ট কৰিলে বহু পৰিমাণৰ বিলাতী সুৰাৰ (Excise department raids in Barpeta)।

আনহাতে মন্দিয়া বজাৰতো চলি আছে অবৈধ সুৰাৰ ব্যৱসায় ।আজি আবকাৰী বিভাগৰ এটা দলে উৎখাত কৰে অবৈধ সুৰাৰ ঘাটিটো ৷ লগতে মন্দিয়া বজাৰৰ কেবাখনো দোকানত অবৈধভাবে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ দেশী- বিদেশী সুৰা নষ্ট কৰে আবকাৰী বিভাগৰ দলেটোৱে ৷ মুঠৰ ওপৰত ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও নিচা যুক্ত সামগ্ৰীৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ।

আনহাতে নিচা যুক্ত সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । নিচা যুক্ত সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে নিচা যুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই (excise department raided illegal liquor in Barpeta ) ।

লগতে পঢ়ক : APDCL official worker beaten in Dhubri : ধুবুৰীৰ গৌৰীপুৰত এপিডিচিএলৰ এছ ডি ই আৰু কৰ্মচাৰীক আক্ৰমণ