Local, Vocal, Global

Hatigaon Murder Case : হাতীগাঁও ফেণ্ডছ পথত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্রেপ্তাৰ

নিউজ ডেস্ক, ৪ আগষ্ট : হাতীগাঁৱৰ জাভেদ আলী হত্যাকাণ্ডৰ আন এক তথ্য পোহৰলৈ আহিছে (Hatigaon Murder Case)। এই ঘটনাৰ মূল অভিযুক্ত ছাত্তাৰ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Main Culprit arrested)। ছাত্তাৰ আলী মৃত জাভেদ আলীৰ সম্পৰ্কীয় ভাতৃ বুলি জানিব পৰা গৈছে। এই ঘটনাৰ মূল অভিযুক্তক আৰক্ষীয়ে বৰপেটাৰ মন্দিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, ছাত্তাৰ আলীয়ে সম্পত্তিৰ বাবে জাভেদ আলীক হত্যা কৰিছিল। আব্দুছ ছাত্তাৰে জাভেদ আলীক হত্যা কৰিবৰ বাবে কেইজনমান লোকক চুপাৰি দিছিল।

উল্লেখ্য যে, বিগত ২৭ জুলাইত গুৱাহাটীৰ হাতীগাঁৱৰ ফ্ৰেণ্ডছ পথত জাভেদ আলী নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তাক হত্যাৰ ঘটনা পোহৰলৈ আহে। এই ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এক সংবাদমেলযোগে ইতিমধ্যে কেইবাটাও চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। তেওঁ দিয়া তথ্য অনুসৰি, হাতীগাঁৱৰ ফ্ৰেণ্ড পথত পুৱা নামাজ পঢ়িবলৈ ওলাই অহাৰ সময়ত জাভেদ আলীক হত্যা কৰা হৈছিল।

আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেলত কয় যে, অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা জাভেদ আলীক হাতীগাওঁ অঞ্চলত হত্যা কৰা হৈছিল। তেওঁক নামাজ পঢ়িবলৈ মছজিদলৈ গৈ থাকোতে বাটতে দুৰ্বৃত্তই প্ৰথমে গাড়ীৰে খুন্দিয়াই। পিছত ৰডেৰে মূৰত আঘাত কৰে। আকৌ কোৰেৰে প্ৰহাৰ কৰি নিৰ্মমভাৱে হত্যা কৰে। তাৰ পিছত ঘটনা সংঘটিত কৰি দুৰ্বৃত্তকেইটাই বৰপেটালৈ পলায়ন কৰে। এই ঘটনাৰ সময়ত কোনো লোকে জাভেদক বচাবলৈ ওলাই অহা নাছিল । চুবুৰীয়াই এই ঘটনাৰ বিষয়ে জাভেদৰ ঘৰৰ মানুহক খবৰ দিয়ে। তেওঁক হাস্পাতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ইয়াৰোপৰিও দিগন্ত বৰাই কয় যে, ঘটনাস্থলীৰ পৰা এডাল ৰড, কোৰসদৃশ সামগ্রী উদ্ধাৰ হৈছিল। পৰিয়ালৰ লোককো তদন্তৰ আওতালৈ অনা হৈছিল। কিন্তু প্ৰাৰম্ভিক অৱস্থাত কোনো ক্লু পোৱা নাছিল। তাৰ পিছত CCTV ফুটেজ চোৱা হ’ল । তেতিয়া কেইজনমান লোকৰ চালচলন আৰু গাড়ীৰ অহা যোৱা লক্ষ্য কৰিছিল ফুটেজত । তাৰ পাছতে আৰক্ষীয়ে বিশ্লেষণ কৰে (intensive analysis)। তদন্তৰ অন্তত ৫জন লোকৰ ওপৰত সন্দেহ কৰা হৈছিল।

লগতে তেওঁ কয় যে, হাতীগাঁৱৰ Good luck Regencyত ৫ দিনৰ পৰা বাহৰ পাতিছিল লোককেইজনে। ঘটনা সংঘটিত কৰিয়ে হত্যাকাৰীয়ে হোটেল ত্যাগ কৰিছিল । মন্দিয়াত চাৰিজনৰ অৱস্থিতি ধৰা পৰে। পিছত আৰক্ষী মন্দিয়ালৈ যায় আৰু ৫জনৰ ভিতৰত ৪জনক আটক কৰে আৰক্ষীয়ে । আটকাধিন লোককেইজন ক্ৰমে আইনুল, হাছমত মিঞা, মহিবুল খান, নুৰ মহম্মদ(বগা) মুঠ চাৰি জনক ধৰিছে বুলি জানিব পৰা গৈছে । তাৰ পিছত জাভেদক কেনেকৈ হত্যা কৰা হৈছিল সেই বিষয়ে জানিবলৈ সক্ষম হয় আৰক্ষী । অৱশ্যে, আজি এই ঘটনাৰ মূল অভিযুক্ত আব্দুছ ছাত্তাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, ৮ লাখ টকাৰ বিনিময়ত এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি আৰক্ষীয়ে জনায় । আৰক্ষী আয়ুক্তই জনোৱা অনুসৰি, এই ৪জন লোকক মূল হত্যাকাৰীয়ে ‘কিলাৰ’ হিচাপে ব্যৱহাৰ কৰিছিল । কিন্তু গ্ৰেপ্তাৰ হোৱাকেইজনে ধন নাই পোৱা বুলি কৈছে যদিও নিশ্চিত নহয় । হত্যাৰ বলি হোৱা জাভেদ আলীৰ মন্দিয়াত অগাধ সম্পত্তি আছে । সম্পত্তি ভাগ বটোৱাৰাক লৈয়ে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই হত্যাৰ উদ্দেশ্য সম্পত্তি বুলিও উল্লেক কৰে ।

লগতে পঢ়ক : APDCL official worker beaten in Dhubri : ধুবুৰীৰ গৌৰীপুৰত এপিডিচিএলৰ এছ ডি ই আৰু কৰ্মচাৰীক আক্ৰমণ