Local, Vocal, Global

Jammu and Kashmir: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত

নেশ্যনেল ডেস্ক, ৪আগষ্ট : জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদ বিৰোধী অভিযান । সন্ত্ৰাসবাদীৰ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে ।লগতে অব্যাহত ৰাখিছে বিভিন্ন কেন্দ্ৰীয় সংস্থাই সন্ত্ৰাসবাদীৰ পুঁজি সংগ্ৰহ সম্পৰ্কীয় গোচৰৰো তদন্ত(NIA conducts raids in Jammu and Kashmir Pulwama) ।

ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ কেইবাটাও স্থানত NIAয়ে সন্ত্ৰাসবাদী সংগঠনসমূহৰ কাৰ্যকলাপ আৰু সন্ত্ৰাসবাদী পুঁজিৰ গোচৰ সন্দৰ্ভত অভিযান চলাইছে ।

জানিব পৰা মতে, উগেৰগুণ্ড আৰু দক্ষিণ কাশ্মীৰ জিলাৰ চেথাৰগুণ্ডত অভিযান চলি আছে NIAয়ে ( NIA conducts raids in Pulwama in terror funding case ) ।

বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, এই অভিযান চলোৱা হৈছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ চলাবলৈ আগ্ৰহী কিছুমান সংগঠনৰ সমৰ্থনত পুঁজি সংগ্ৰহৰ এক চলিত তদন্তৰ অংশ হিচাপে। অৱশ্যে এই অভিযানৰ বিষয়ে এতিয়াও বিতংক তথ্য প্ৰকাশ কৰা নাই( NIA conducts raids in Pulwama in terror funding case ) ।

জানিব পৰা মতে, আৰক্ষী আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ জোৱানৰ সহযোগত NIAৰ চোৰাংচোৱাসকলে শুকুৰবাৰে পুৱা উক্ত স্থানৰ আৱাসিক ভৱনসমূহত তালাচী অভিযান চলায়।

ইয়াৰ পূৰ্বে, মঙলবাৰে NIAয়ে ব্যাপক তালাচী চলাইছিল জম্মু-কাশ্মীৰৰ ৪ খনকৈ জিলাত (NIA Raids Four Places Kashmir In Terror Conspiracy Case)। তালাচী চলাইছিল সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পুঁজি সংগ্ৰহ সম্পৰ্কীয় এনজিঅ’ সন্ত্ৰাসবাদী পুঁজিৰ গোচৰত । NIAৰ অভিযান চলোৱা হৈছিল নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনসমূহৰ বাবে পুঁজি সংগ্ৰহৰ সৈতে জড়িত এনজিঅ’ জম্মু কাশ্মীৰ ক’লিয়েচন অৱ চিভিল চ’চাইটিজৰ সৈতে জড়িত ট্ৰাষ্ট আৰু ব্যক্তিসকলৰ বাসগৃহত ।

কেন্দ্ৰীয় সংস্থাটোৱে জনোৱা অনুসৰি, NIAৰ অভিযান চলোৱা হৈছিল বুদগাম, শ্ৰীনগৰ, পুলৱামা আৰু কুপৱাৰা জিলাৰ ৭ টাকৈ স্থানত।

লগতে পঢ়ক :Manipur violence : মণিপুৰত পুনৰ উত্তেজনা, নিহত আৰক্ষী বিষয়া