Local, Vocal, Global

Kedarnath Landslide: উত্তৰাখণ্ডৰ কেদাৰনাথ ধামত ধাৰাসাৰ বৰষুণ

নেশ্যনেল ডেস্ক, ৪আগষ্ট : কেদাৰনাথত ভূমিস্খলন ।বৃহস্পতিবাৰে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এই ভূমিস্খলন হয় । কেদাৰ নাথৰ লগতে সোণপ্ৰয়াগ,গৌৰীকুণ্ডৰ লগতে ইয়াৰ আশে পাশে থকা বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অঞ্চলসমূহত বৰষুণে ধ্বংসলীলা চলাই(Kedarnath Landslid) ।

বৃহস্পতিবাৰৰ নিশাৰ পৰা উত্তৰাখণ্ডৰ কেদাৰনাথ ধামত ধাৰাসাৰ বৰষুণ হয় । উত্তৰাখণ্ডৰ সোণপ্ৰয়াগ, গৌৰীকুণ্ড আৰু ইয়াৰ আশে-পাশে থকা বিভিন্ন অঞ্চল সমূহত হোৱা ধাৰাসাৰ বৰষুণে ধ্বংসলীলা চলাই । ধাৰাষাৰ বৰষুণৰ ফলত গৌৰীকুণ্ডত পাহাৰৰ পৰা নামি অহা ধ্বংসাৱশেষৰ ফলত দুখন বিপনীৰ বিস্তৰভাৱে ক্ষতিসাধন হয় ।ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা শিল,বালি, বোকামাটি আদি নামি আহে আৰু বিপনীকেইখনৰ ওপৰতে পৰে আৰু বিপনীৰ ক্ষতিসাধণ হয় (Landslide strikes Kedarnath Yatra route dozen feared missing) ।

জানিব পৰা মতে সেই সময়ত বিপনীৰ ভিতৰত বহু লোক শুই আছিল আৰু সেয় সময়তে এই ভয়ংকৰ ঘটনাটো সংঘটিত যাৰ ফলত দোকানত শুই থকা লোকসকলে বাহিৰলৈ ওলাই যোৱাৰ কোনো সুযোগে নাপালে আৰু ভিতৰতে আৱদ্ধ ।

এই ঘটনাৰ তথ্য লাভ কৰাৰ পাছতে এছডিআৰএফৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিবলৈ চেষ্টা কৰে যদিও একেৰাহে হৈ থকা বৰষুণ আৰু প্ৰতিকূল পৰিস্থিতিৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ কৰিব নোৱাৰে । প্ৰাপ্ত তথ্য অনুসৰি, ইয়াৰে আৱদ্ধ হৈ থকা লোকসকলৰ ভিতৰত অধিকাংশই স্থানীয় লোক ।

জানিব পৰা মতে, এই ভয়ংকৰ ঘটনাৰ ফলত ১৩ জনকৈ লোক সন্ধানহীন হয় । সন্ধানহীন লোকসকল নেপালী সম্প্ৰদায়ৰ লোক আৰু তেওঁলোকে তাত বিপনীবোৰ চলাই আছিল । ইফালে ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকাৰ লোকলসকলক মন্দাকিনী নদীত উটি যোৱাৰ আশংকা কৰিছে(Several Feared Buried After Landslide Hits Kedarnath Yatra Route) ।

ইফালে এই দুৰ্ঘটনাটোত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰো আশংকা কৰা হৈছে । খবৰ অনুসৰি,বৃহস্পতিবাৰে নিশা উদ্ধাৰ অভিযানত কোনো লোকৰ মৃতদেহ পোৱা নাছিল।

জানিব পৰা মতে, ধাৰাষাৰ বৰষুণ আৰু প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কেদাৰনাথ যাত্ৰা বৰ্তমানৰ বাবে বন্ধ কৰি দিয়া হৈছে । এছডিআৰএফয়ে জনোৱা মতে মন্দাকিনী নদীৰ জলস্তৰ বৰ্তমান যথেষ্ট বৃদ্ধি পাইছে ।আৰু বৰ্তমানও উদ্ধাৰ অভিযান আৰম্ভ কৰা নাই বৰষুণ বন্ধ হ’লেহে পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হ’ব বুলি এছডিআৰএফয়ে জনাইছে(1 3 missing many feared buried after massive landslide hits Kedarnath yatra route) ।

লগতে পঢ়ক : Haryana Nuh Violence : হাৰিয়ানাত ৫ আগষ্টলৈ বন্ধ থাকিব ইন্টাৰনেট সেৱা