Wild Elephanat death : ৰাণীত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু তিনিটাকৈ বন্যহস্তীৰ
গুৱাহাটী, ৪আগষ্ট : মহানগৰীৰৰ ৰাণীত শোকাৱহ ঘটনা । ৰাণীত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু তিনিটাকৈ বন্যহস্তীৰ । জানিব পৰা তাৰে দুটা পূৰ্ণবয়স্ক হাতীৰ লগতে এটা পোৱালি হাতী । ৰাণীৰ চাহ বাগানৰ পানীচন্দাত এই ঘটনাটো সংঘটিত হৈছে।
অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে হাতী মানুহৰ সংঘাত। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।
প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে (Wild Elephanat death)। ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ মৃত্যু হৈছে।
শুকুৰবাৰে মহানগৰীৰ সমীপৱৰ্তী ৰাণীত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ ৩টাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু। ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাণী চাহ বাগিচাৰ পানীচন্দাত এই ঘটনা সংঘটিত হয়।খাদ্যৰ সন্ধানত ওলাই আহিছিল বনৰীয়া হাতীৰ জাকটো। তাৰপাছতেই এই কৰুণ ঘটনাত মৃত্যু হয় হাতীটোৰ। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা হাতী তিনিটাৰ ভিতৰত দুটা পূৰ্ণবয়স্ক হাতীৰ লগতে এটা পোৱালি হাতী আছিলে । জানিব পৰা মতে, এডাল তামোলৰ গছ বিদ্যুৎ পৰিবাহী তাঁৰত পৰাৰ পাছত এই ঘটনাটো সংঘটিত হয়।ঘটনাস্থলীত উপস্থিত হয় ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ লোক (Elephant died Rani)।
উল্লেখ্য় যে, বন্যহস্তীৰ মৃত্যু এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বিদ্যুৎস্পৃষ্ট হৈ হাতীয়ে মৃত্যুক সাৱতি লয়। তাৰপাছতো বিভাগীয় কৰ্তৃপক্ষই কিয় জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি চিন্তা নকৰে সেয়াহে লক্ষণীয়।
উল্লেখ্য যে , ইয়াৰ পূৰ্বেও ৰাজ্যৰ বিভিন্ন জিলাত কেইবাটাও বনৰীয়া হাতীয়ে অকাল মৃত্যুক সাৱটি ল’ব লগা হৈছিল । কিন্তু তাৰ পিছতে খবৰ নাই বন বিভাগৰ। কুম্ভ নিদ্ৰাত বন বিভাগ। এয়াই নেকি ৰাজ্যৰ বিয়াগোম বন বিভাগৰ ফোঁপোলা স্বৰূপ।
শেহতীয়াকৈ অসমৰ বহুকেইটা বনৰীয়া হাতীত মৃত্যু হোৱা দেখা গৈছে(Wild elephanat death)। ইয়াৰ কাৰণ হ’ল বনাঞ্চল ধ্বংস আৰু ভূমি বেদখল। মানুহে অবৈধভাৱে বনাঞ্চল ধ্বং কৰাৰ ফলত খাদ্যৰ সন্ধানত জনাঞ্চলৰ পৰা বনাঞ্চললৈ উলাই আহে হাতী।যাৰ ফলত সৃষ্টি হয় এনে ঘটনাৰ। এনে ঘটনা সংঘটিত হোৱাৰ পিছতে কিন্তু গাঁ লৰা নাই বন বিভাগৰ ।