Local, Vocal, Global

Japanese Encephalitis: ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ

নিউজ ডেস্ক,৩আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত (Japanese Encephalitis) ।

ঢকুৱাখনা বহুলোক আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত। ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ অধীনৰ বিভিন্ন এলেকাৰ ৪ গৰাকীকৈ ব্যক্তি আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছ । স্বাস্থ্য বিভাগৰ শীর্ষ সূত্ৰই এই তথ্য সদৰী কৰিছে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি , এজন ব্যক্তি ডেংগু ৰোগত আক্ৰান্ত হৈছে(japanese encephalitis in Dhakuakhana)।

প্ৰাপ্ত তথ্য মতে ইন্দুৰ গাঁওৰ বিপিন পেগু নামৰ ব্যক্তিজন ডেংগু ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছিল । উল্লেখ্য যে,বৰ্তমান জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত খণ্ডটোৰ ৪ গৰাকীকৈ ব্যক্তি ।

জানিব পৰা মতে, জালভাৰী স্বাস্থ্য উপ কেন্দ্রৰ অন্তৰ্গত ৰত্নেশ্বৰী দত্ত(৭০) , গন্ধিয়া স্বাস্থ্য উপ কেন্দ্ৰৰ অন্তৰ্গত চিমি গগৈ(৩০) , বানতৌ গাঁও স্বাস্থ্য উপ কেন্দ্ৰৰ অন্তৰ্গত ঋষিক প্ৰীতম গগৈ (১১) ,খজুৱা পাতিৰ স্বাস্থ্য উপ কেন্দ্ৰৰ অন্তৰ্গত পাহি কাংকাণ মিলি(১১) , ।

স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ প্ৰত্যক্ষ কৰি সন্দেহযুক্ত অঞ্চলত প্ৰায় ৬ হাজাৰ ৯৬১ গৰাকীৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে । লগতে অঞ্চলসমূহত ৪ হাজাৰ ৯৭২ খন ঔষধিকৰণ আঁঠুৱা, ৫ বাৰ ঔষধি ধোঁৱাকৰন কৰা পৰিলক্ষিত হৈছে।

ইয়াৰোপৰি সজাগতা সভা অনুষ্ঠিত কৰাই বুলিও জনাই মুঠ ১৪৪ টা স্থানত। লগতে জিলা স্বাস্থ্য বিভাগে নাগৰিকক সজাগতা আৰু সচেতনতা মানি চলিবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক: Akhil Gogoi wrote open letter to CM : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুকলি চিঠি বিধায়ক অখিল গগৈৰ