Local, Vocal, Global

Assam police shot cattle Theft : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা

গুৱাহাটী, ৩জুলাই : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ মহানগৰীত এনকাউণ্টাৰ ঘটনা। । চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । আমি প্ৰায় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনকাউণ্টাৰ ঘটনা শুনিবলৈ পাওঁ ।কেতিয়াবা যদি ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা আৰু কেতিয়াবা হত্য়াকাৰীলৈ আৰক্ষীৰ গুলীচালনা । কবলৈ গ’লে আমি প্ৰায় ড্ৰাগছ সৰবৰাহকাৰী লৈ আৰক্ষীৰ গুলীচালনা ঘটনা শুনিবলৈ পাওঁ ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তি ক্ৰমাগত বৃদ্ধি পাইছে। যাৰ ফলত ধ্বংস হবলৈ ধৰিছে পৰিয়াল,যুৱ প্ৰজন্মৰ স্বাস্থ্য আৰু কেৰিয়াৰ। ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । ৰাজ্যৰ শাসনলৈ আহিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Assam police shot cattle Theft )।

নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে এই সমূহ ঘটনাই। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে।ৰাজ্যত দিনক দিনে চোৰ,ডকাইত,লুণ্ঠন,হত্যাকাৰী সংখ্যা বৃদ্ধি পাইছে ।
এইবাৰ চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক গুলীচালনা ঘটনা ৷ এইবাৰ আৰক্ষীৰ গুলীচালনা চোৰক লক্ষ্য কৰি । বৃহস্পতিবাৰে সংঘটিত এই ঘটনাটো । বৃহস্পতিবাৰে আৰক্ষীৰ গুলীত আহত হয় দুই গৰু চোৰ (Assam police shot cattle Theft )।

প্ৰাপ্ত তথ্য অনুসৰি, গৰুচোৰ কেইটা পলাবলৈ চেষ্টা কৰিছিল চোৰকেইটা আৰু সেয় সময়তে আৰক্ষীয়ে গুলীচালনা কৰে ইয়াৰে এজন চোৰক বিৰুবাৰী আৰু আনজনক পানীখাইতীত এনকাউন্টাৰ কৰে ।গুলীবিদ্ধ হোৱা চোৰ দুটা মহবুল আৰু অভিজিত ৰাভা বুলি জানিব পৰা গৈছে ।ইয়াৰে মহবুলৰ ঘৰ দক্ষিণ শালমৰা আৰু অভিজিত ৰাভাৰ ঘৰ পল্টন বজাৰত।বৰ্তমান আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুই চোৰ অভিজিৎ ৰাভা আৰু মহিবুল হক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

লগতে পঢ়ক : Monsoon Session: লোকসভাৰ অধিৱেশনত আৰু উপস্থিত নাথাকে লোকসভাৰ অধ্যক্ষ ওম বিৰলা