Local, Vocal, Global

Monsoon Session: লোকসভাৰ অধিৱেশনত আৰু উপস্থিত নাথাকে লোকসভাৰ অধ্যক্ষ ওম বিৰলা

নেশ্যনেল ডেস্ক, ২আগষ্ট : সংসদলৈ আৰু নাহে ওম বিৰলা ! এই সীদ্ধান্ত গ্ৰহণ কৰিলে ওম বিৰলাই । অব্য়াহত আছে সংসদৰ উত্তাল প্ৰতিবাদ (Monsoon Session) । কি চৰকাৰী পক্ষ কি বিৰোধী পক্ষ । সকলোৰে মাজত তীব্ৰ বাক -বিতণ্ড ।আজিও সদনত হুলস্থূল পৰিৱেশ ।এনে পৰিস্থিতি বাবে তীব্ৰ অসন্তুষ্ট লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Lok Sabha Speaker Om Birla upset with functioning of House)। সেয়ে লোকসভাৰ অধ্যক্ষই এক নজিৰবিহীন স্থিতি গ্ৰহণ কৰিছে। সংসদলৈ নাহে ওম বিৰলা !

উল্লেখ্য যে, লোকসভাৰ সদনৰ পৰিৱেশৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত আৰু তেওঁ উপস্থিত নাথাকে(Lok Sabha Speaker Upset Wont Attend Parliament For Now)।

এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত এই পৰ্যন্ত উত্তাল হৈ আছে সংসদ ।মণিপুৰৰ হিংসাত্মক ঘটনাৰ বাবে উত্তাল হৈ আছে দুয়ো সদন। যাৰ বাবে এই পৰ্যন্ত কোনো বিলক লৈ আলোচনা হোৱা নাই। চৰকাৰী পক্ষই একপক্ষীয় ভাৱে বিল পাছ কৰিছে।

এই অচলাবস্থাৰ বাবে এই অৱস্থাক অন্ত পেলাবলৈ ওম বিৰলাই প্ৰচেষ্টা চলাইছিল যদিও বিফল হ’ল।

সূত্ৰত প্ৰকাশ পোৱা অনুসৰি চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষৰ সাংসদৰ এনে আচৰণৰ বাবে ক্ষোভিত হৈ পৰিছে অধ্যক্ষগৰাকী। এই পৰিৱেশৰ বাবে ক্ষোভ আৰু অসন্তুষ্টিত হৈ তেওঁ নিজকে সংসদৰ কাম-কাজৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছে। সাংসদৰ আচৰণত ক্ষোভিত হৈ সংসদৰ অধিৱেশন বয়কট কৰিছে অধ্যক্ষগৰাকীয়ে। অধিৱেশনৰ বাকী দিনকেইটাত সংসদ পৰিচালনা কৰিব ওম বিৰলাৰ পৰিৱৰ্তে ডেপুটি স্পীকাৰে।

এ এন আইত প্ৰকাশিত বাতৰি অনুসৰি মঙ্গলবাৰে সংসদ এখন বিল পাছ হোৱাৰ সময়ত বিৰোধী শিবিৰ আৰু ট্ৰেজাৰী বেঞ্চত দুই শিবিৰৰ মাজত হোৱা আচৰণত মানসিক ভাৱে যথেষ্ট আঘাত পাইছিল ওম বিৰলাই। অধ্যক্ষগৰাকীয়ে অনুভৱ কৰে যে, চৰকাৰ আৰু বিৰোধী দুয়ো পক্ষই অধ্যক্ষ পদৰ প্ৰতি অসন্মান কৰিছে। দুয়ো পক্ষক আচৰণক অসন্তুষ্টিৰ বিষয়ে অৱগত কৰি সিদ্ধান্তৰ বিষয়েও উল্লেখ কৰিছে বুলি জানিব পৰা গৈছে।
বুধবাৰে লোকসভাৰ অধ্যক্ষগৰাকীক লোকসভাৰ মজিয়াত দেখা পোৱা নাছিল কোনেও।

লগতে পঢ়ক :Manipur Viral Video Case : ৭ আগষ্টত পৰৱৰ্তী শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাজ্যৰ জিডিপি লৈ চমন