Dead woman gets tax notice : দহ বছৰ পূৰ্বে মৃত্যু হোৱা মহিলালৈ প্ৰায় ৭.৫৬ কোটি টকাৰ কৰ জাননী
নেশ্যনেল ডেস্ক, ২ আগষ্ট : সামাজিক মাধ্যমত য’তে ত’তে পানকাৰ্ড নিদিব । সাৱধান হওক এতিয়াৰ পৰা (Dead woman gets tax notice) । পানকাৰ্ডৰ বাবেই মৃত মহিলালৈ আহিল কৰ বিভাগৰ জাননী । দহ বছৰ পূৰ্বে মৃত্যু হোৱা এগৰাকী মহিলাক প্ৰায় ৭.৫৬ কোটি টকাৰ কৰ জাননী প্ৰদান কৰে(Dead woman gets Rs 7.56 crore tax notice in Madhya Pradesh।
১০ বছৰৰ পূৰ্বে মৃত হোৱা এগৰাকী মহিলালৈ আয়কৰ বিভাগে পঠিয়ালে প্ৰায় ৮ কোটি টকাৰ এখন জাননী (Dead woman gets Rs 7.56 crore tax notice in Madhya Pradesh) ৷ হঠাৎ আয়কৰ বিভাগৰ এনে এখন জাননী পাই স্তম্ভিত হৈ পৰিল মধ্যবৃত্ত পৰিয়ালটো ৷ ঘটনাৰ উমান বুজিবলৈ স্থানীয় আৰক্ষী চকীত গোচৰ ৰুজু কৰিলে পৰিয়ালটোৱে ৷
ঘটনাৰ স্থান মধ্যপ্ৰদেশ । মৃত মহিলাগৰাকী পেচাত এগৰাকী শিক্ষয়িত্ৰী আছিল । মধ্যপ্ৰদেশৰ মৃত শিক্ষয়িত্ৰীগৰাকীৰ নাম উষা ছোনী ৷ ২০১৩ চনত ১৬ নৱেম্বৰত মৃত্যু হোৱা শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে কৰ ফাঁকিৰ জাননী পোৱাৰ পাছতেই হতভম্ব পৰিয়ালটো ৷ পুত্ৰ পৱন ছোনীয়ে ঘটনাৰ সন্দৰ্ভত স্থানীয় এখন আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ কোনো অপৰাধী চক্ৰই শিক্ষয়িত্ৰীগৰাকীৰ পানকাৰ্ড ব্যৱহাৰ কৰি চলাই আহিছিল কৰ ফাঁকি ৷
মধ্যপ্ৰদেশৰ বেতুল জিলাৰ মৃত মহিলাএগৰাকীই ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাবে ৭.৫৬ কোটি টকাৰ কৰ জাননী লাভ কৰা পিছতে পৰিয়ালে বেতুল আৰক্ষীত এজাহাৰ দাখিল কৰাৰ লগে লগে এই গোচৰটো চৰ্চালৈ আহে।
মহিলা গৰাকী পুত্ৰই জনোৱা অনুসৰি তেওঁৰ মাতৃৰ ১৬ নৱেম্বৰ ২০১৩ তাৰিখে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মৃত্যু হয় । আনহাতে জাননীখন ২০১৭-১৮ বৰ্ষৰ কৰ ফাঁকিৰ অভিযোগ জাননী । নথিখনত নেচাৰেল কষ্টিং নামৰ এটা কোম্পানীৰ কথা উল্লেখ আছে, যিটো কোম্পানীয়ে ক্ৰয়-বিক্ৰয়ত নিয়োজিত আছিল।
লোহাৰ ৰড বিক্ৰী কৰা দোকান এখনত কাম কৰি মাহে ৫ হাজাৰৰ পৰা ৭ হাজাৰ ভিতৰত উপাৰ্জন কৰা নীতিন জৈনে কোটি টকাৰ ডিমাণ্ড নোটিচ পোৱাৰ পিছত স্তম্ভিত হৈ পৰে। আয়কৰ কাৰ্যালয়লৈ গৈ তেওঁ দেখিলে যে তামিলনাডুৰ ক’ৰ্টলামত তেওঁৰ নামত এটা একাউণ্ট আছে, যিখন চহৰৰ নামো তেওঁ কেতিয়াও শুনা নাই।
উল্লেখ্য নেচাৰেল কাষ্টিং নামৰ কোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে । কোম্পানীটোৱে ব্যৱহাৰ কৰিছিল মৃত শিক্ষয়িত্ৰীৰ পানকাৰ্ড । পানকাৰ্ড ব্যৱহাৰ কৰি আন কোম্পানীক বিক্ৰী কৰিছিল স্ক্ৰেপ । ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত শীঘ্ৰেই কোম্পানীটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় একাংশ ৷ মধ্যপ্ৰদেশত এইটোৱেই প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বে ৪৪ জন লোকলৈ আয়কৰ বিভাগে জাৰি কৰিছিল জাননী । প্ৰতিজনৰ বিৰুদ্ধে ১ কোটিৰ পৰা ১০ কোটি টকাৰ পৰ্যন্ত আছিল কৰ ফাঁকি । ভুৱা বেংক একাউণ্ট, ভুৱা একাউণ্টৰ বাবদ এই জাননী প্ৰয়োগ কৰা হৈছিল ।
উষা ছোনীৰ পান কাৰ্ডৰ অবৈধভাৱে ব্যৱহাৰ কৰি তেওঁৰ নামত লেনদেন কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ পৰিয়ালৰ লোকে আৰক্ষী অধীক্ষকক অনুৰোধ জনায় ।
জানিব পৰা মতে মধ্যপ্ৰদেশত পূৰ্বৰে পৰা চলি অহা এই দুষ্টচক্ৰক শীঘ্ৰেই উৎখাট কৰাৰ দাবী তুলিছে স্থানীয় একাংশই ৷ কিছুদিনৰ পূৰ্বে এজন লোকৰ নামত ভুৱা একাউণ্ট খুলি ব্যক্তিজনৰ ভুৱা পানকাৰ্ড ব্যৱহাৰ কৰি বৃহৎ কৰ ফাঁকি লেনদেনৰ ঘটনা পোহৰলৈ আহিছে ৷ আৰক্ষীৰ ভাষ্য অনুসৰি কেৱল পানকাৰ্ডৰ পৰাই দুষ্টচক্ৰই এই জাল মেলিছে বুলি দাবী কৰিছে ৷ আৰক্ষীয়ে বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ শীঘ্ৰেই দুষ্টচক্ৰ জালত পৰাৰ সম্ভাৱনা ৷
লগতে পঢ়ক : Bihar murder case : পুনৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনা