Local, Vocal, Global

Bihar murder case : পুনৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনা

নেশ্যনেল ডেস্ক, ২আগষ্ট : পুনৰ আন এক নৃশংস হত্য়াকাণ্ড । হত্য়া, হিংসাই গ্ৰাস কৰা দেশত পুনৰ আন এক জঘন্য হত্য়াকাণ্ড ।

একেটা পৰিয়ালৰ ৩গৰাকী সদস্যক নৃশংসভৱে হত্যা কৰে দৃৰ্বৃত্তই । ঘৰৰ ভিতৰতৰ পৰা উদ্ধাৰ তিনিওটাকৈ মৃতদেহ। ঘৰৰ মজিয়াত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল তিনিটাকৈ মৃতদেহ । মৃতদেহ কেইটা ক্ৰমে মাতৃ আৰু দুই সন্তানৰ আছিল বুলি চিনাক্ত কৰা হৈছিল। নিশা চোকা অস্ত্রৰে তিনিওকে হত্যা কৰে দুৰ্বৃত্তই।

জানিব পৰা মতে, মৃত লোককেইজন চাফাদ জাৰিন নামৰ মহিলাগৰাকীৰ লগতে তেওঁৰ আঠ বছৰীয়া কন্যা আৰু পাঁচ বছৰীয়া পুত্ৰৰ আছিল (Bihar murder case) ।

জানিব পৰা মতে, বিহাৰৰ কাটিহাৰৰ বালিয়া বেলোন অঞ্চলৰ সিংপুৰ গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । মঙলবাৰে নিশা সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো । এই হত্যাকাণ্ডৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলজুৰি (three members of the same family were stabbed to death) ।

প্ৰাপ্ত তথ্য অনুসৰি , একেটা পৰিয়ালৰ ৩গৰাকী সদস্যক নৃশংসভৱে হত্যা কৰে দৃৰ্বৃত্তই । জানিব পৰা মতে, মৃত মহিলাগৰাকীৰ স্বামী সেই দিন নিশা মহৰমৰ মেলা চাবলৈ গৈছিল । আৰু তাৰ সুযোগ লয় দৃৰ্বৃত্তই ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু এই হত্যাকাণ্ডৰ ঘটনা সংঘটি কৰে । প্ৰথমে দুৰ্বৃত্তই দুই সন্তান আৰু মাতৃক কেৰাচিনতেল ঢালি জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা কৰে যদিও কেৰাচিন ঢালি দিয়াৰ লগে লগে আটাইকেইজনে টোপনিৰ পৰা সাৰ পায় ।সাৰ পোৱাৰ লগে লগে অপৰাধীয়ে মহিলাগৰাকী আৰু তেওঁৰ দুই সন্তানক ডিঙি কাটি নিৰ্মমভাৱে হত্যা কৰে । ভুক্তভোগী মহিলাগৰাকীৰ নাম চাফাদ জাৰিন বুলি জানিব পৰা গৈছে । মহিলাগৰাকীৰ স্বামী দিল্লীত বাস কৰে আৰু দিল্লীত শ্ৰমিক হিচাপে কাম কৰে (Bihar Triple Murder)।

এই ভয়ংকৰ হত্য়াকাণ্ডৰ সন্দৰ্ভত বৰচোইৰ এছডিপিঅ’ প্ৰেমনাথ ৰামে কয় , এই নৃশংস হত্য়াকাণ্ডৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাস্থলীৰ পৰা কেৰাচিন তেল আৰু হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ কৰিছে ।

এই ভয়ংকৰ হত্য়াকাণ্ডটো কোনে সংঘটিত কৰিছে এতিয়ালৈ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । বৰ্তমান আটাইৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাটিহাৰ সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Jorabat Murder case : ৰাজ্যত আন এক নৃশংস হত্যাকাণ্ডৰ ঘটনা, যোৰাবাটত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ