Jorabat Murder case : ৰাজ্যত আন এক নৃশংস হত্যাকাণ্ডৰ ঘটনা, যোৰাবাটত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ
সোণাপুৰ, ২ আগষ্ট : ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হত্যাকাণ্ডৰ ঘটনা(Jorabat Murder case) । ৰাজ্যত পুনৰ এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । সঘনাই ৰাজ্যত ইটোৰ পিছত সিটো হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে । শেহতীয়াকৈ সংঘটিত কেইবাটাও এনে হৃদয় বিদাৰক হত্যাকাণ্ডই সমাজত মানুহৰ অপৰাধৰ প্ৰৱণতা যে বৃদ্ধি পাইছে তাকে প্ৰতিফলিত কৰিছে । আন এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত যোৰাবাটৰ ১৫ মাইলত(brutal murder of a woman)।
যোৰাবাটত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে । ১৫ মাইলস্থিত নিজা বাসগৃহৰ সন্মুখতেই উদ্ধাৰ হল ৰীতা বড়ো নামৰ এগৰাকী মহিলাৰ মৃতদেহ । মহিলাগৰাকীক হাছমত নামৰ এজন ব্যক্তিয়ে মাজনিশা হত্যা কৰি পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে মৃতকৰ পৰিয়ালে।
আনহাতে, স্বামীৰ অনুপস্থিতিত হাছমতৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা স্থাপন কৰি আহিছিল বুলিও প্ৰতিৱেশীয়ে অভিযোগ কৰিছে । ইয়াৰোপৰি, পুৱতি নিশালৈ হাছমতৰ সৈতে মহিলাগৰাকীক একেলগে প্ৰত্যক্ষ কৰা বুলিও স্থানীয় লোকে জনায়।
উল্লেখ্য যে, এই ঘটনাৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰা হাছমত সম্প্ৰতি পলাতক অৱস্থাত আছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।
তথ্য অনুসৰি সোণাপুৰ আৰক্ষী থানাৰ SI ভূপেন্দ্ৰ ৰাৱটৰ নেতৃত্বত আৰক্ষী দলটোৱে তদন্ত কৰি হত্যাকাৰীৰ মোৱাইল লোকেচন ট্ৰেক কৰি হাজো থানাত আটক কৰিবলৈ সক্ষম হৈছে হত্যাকাৰী হাছমতক ।
লগতে পঢ়ক : Bajrang Dal Arms training : প্ৰতিধ্বনি হ’ল ৰাজ্যত! মঙলদৈৰ ৰাজপথতো পিষ্টল লৈ বজৰঙৰ সমদল