Fraudster Munindra Konwar : মুখ্যমন্ত্ৰীৰ OSDৰ নামত ধন সংগ্ৰহ কৰি উধাও এটা প্ৰৱঞ্চক
নিউজ ডেস্ক, ১ আগষ্ট : মুখ্যমন্ত্ৰীৰ OSDৰ নামত ধন সংগ্ৰহ কৰি উধাও এটা প্ৰৱঞ্চক। জানিব পৰা মতে কেইবাকোটি টকা আত্মসাত্ কৰি অন্তৰ্ধান হয় মুনীন্দ্ৰ কোঁৱৰ (Fraudster Munindra Konwar ) । মুনীন্দ্ৰ বৰ্তমান পলাতক হৈ আছে ।
উল্লেখ যে সুৰা বিপণিৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত কোটি কোটি টকা আত্মসাত্ কৰে লোকজনেল । মুনীন্দ্ৰ কোঁৱৰ বিৰুদ্ধে পূৰ্বেও আছিল এনেধৰণৰ প্ৰৱঞ্চনাৰ গোচৰ । নিজকে SI বুলি পৰিচয় দিয়া মুনীন্দ্ৰ কোঁৱৰৰ ঘৰ তেজপুৰত । কেৱল টকাই নহয়, ৬০ লাখ টকীয়া বিলাসী Audi গাড়ী লৈয়ো উধাও হয় প্ৰৱঞ্চকটো ।
জানিব পৰা মতে আৰক্ষীৰ পোছাকত থাকি প্ৰৱঞ্চনা কৰি আহিছিল মুনীন্দ্ৰ কোঁৱৰে। অসম চৰকাৰৰ নামফলক লগোৱা বাহন ব্যৱহাৰ কৰিছিল প্ৰৱঞ্চকটোৱে । নিজকে মুখ্যমন্ত্ৰীৰ OSD হিচাপেও পৰিচয় দি প্ৰৱঞ্চনাৰ জাল পতা মুনীন্দ্ৰ কোঁৱৰে প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰা ধনেৰে বিলাসী জীৱন উপভোগ কৰি আহিছিল । কেইবাখনো বাহনৰ গৰাকী এই প্ৰৱঞ্চকটোৱে প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰা ধনেৰে ঘূৰিছিল বিলাসী অ’ডি বাহনত।
শেহতীয়াকৈ তেওঁ সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত একাংশ লোকৰ পৰা কোটিৰ কোটি ধন সংগ্ৰহ কৰি পলায়ন কৰিছে । ফলত মুনীন্দ্ৰ কোঁৱৰক সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰৰ বাবে ধন দি সৰ্বস্বান্ত হোৱা ভুক্তভোগী এতিয়া আৰক্ষীৰ কাষ চাপিছে ।
তেওঁলোকে CID লগতে দিছপুৰ আৰক্ষী থানা আৰু DCP (পূৱ) কাৰ্যালয়টো গোচৰ ৰুজু কৰিছে । জানিব পৰা মতে পূৰ্বেও এইদৰে বহু যুৱকক চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি জে’ললৈ গৈছিল এই প্ৰৱঞ্চকটো । ২০১৭ চনত পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰৱঞ্চক মুনীন্দ্ৰ কোঁৱৰক । অসম আৰক্ষী আৰু তেজপুৰ মেডিকেল কলেজত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা অভিযোগত জে’ললৈ গৈছিল । জে’ললৈ গৈয়ো আত্মশুদ্ধি নোহোৱা এই প্ৰৱঞ্চকটোৱে পুনৰ কোটি কোটি টকা সংগ্ৰহ কৰি এইবাৰ অসম ত্যাগ কৰিছে । জানিব পৰা মতে শেহতীয়াকে তেওঁৰ মোবাইলৰ ল’কেশ্যন দিল্লী, মুম্বাইত পোৱা গৈছে ।