Local, Vocal, Global

Sidhu Moosewala Murder Case : সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মূল অভিযুক্ত শচীন থাপানক গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছে ভাৰতলৈ

নেশ্যনেল ডেস্ক,১ আগষ্ট : সিদ্ধু মূছেৱালাৰ হত্যাকাণ্ডৰ অভিযুক্ত শচীন বিষ্ণৈৰ সহযোগী শচীন থাপনক (Sidhu Moosewala Murder Case)আজাৰবাইজানৰ বাকুৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিছে দিল্লী আৰক্ষীৰ বিশেষ কোষে(Delhi Police Special Cell)।

মঙলবাৰে আজাৰবাইজানৰ পৰা দিল্লীলৈ অনা হয় কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ সহযোগী গেংষ্টাৰ শচীন থাপনক । পাঞ্জাবী গায়ক সিধু মূছেৱালা হত্যাকাণ্ডৰ গোচৰত তেওঁক বিচাৰি আছিল আৰক্ষীয়ে(prime accused Sachin Bishnoi extradited to India) ।

অৱশেষত দেওবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মূল অভিযুক্ত শচীন থাপানক । তেওঁ ডুবাইৰ পৰা মুছেৱালা হত্যাৰ পৰিকল্পনা কৰিছিল আৰু তেওঁক বাকুৰ পৰা আটক কৰি ৰখা হৈছিল। দিল্লী আৰক্ষীৰ বিশেষ কোষে তেওঁক ভাৰতলৈ লৈ অহা হয় ।

উল্লেখ্য যে, সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্ত শচীন থাপান গেংষ্টাৰ লৰেন্সৰ ভতিজা । তেওঁ যোৱা বছৰ ২০২২ চনৰ ২৯ মে’ত মুছেৱালাক হত্যাৰ পাছৰে পৰা পলাই আছিল । শচীনে ভুৱা পাছপোৰ্ট ব্যৱহাৰ কৰি ভাৰতৰ পৰা পলায়ন কৰিছিল ।

চলিত মাহত আজাৰবাইজানত বন্দী হৈ আছিল শচীন । শচীনে মূছেৱালা হত্যাৰ পৰিকল্পনা কৰি ভুৱা পাছপ’ৰ্ট লৈ আজাৰবাইজানলৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে । NIA য়ে মুছেৱালা হত্যাকাণ্ডৰ তদন্ত চলাই আছে । এই পৰ্যন্ত NIA য়ে এই গোচৰত ১৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।

শচীনৰ পূৰ্বে ২৬ জুলাইত লৰেন্স বিষ্ণৈৰ আন এজন সহায়ক বিক্ৰম ব্ৰাৰক ইউ এ ইৰ পৰা ভাৰতলৈ অনাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল।

সিদ্ধু মূছেৱালা হত্যাকাণ্ডৰ অভিযুক্তৰ ভিতৰত বিক্ৰম ব্ৰাৰৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ উপৰিও টাৰ্গেট কিলিং আৰু ধন দাবীকে ধৰি ১১টা গোচৰতো তেওঁক জেৰা অব্যাহত আছে । পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু দিল্লী আৰক্ষীৰ আবেদনত তেওঁৰ বিৰুদ্ধে ১১টা লুক আউট জাননী জাৰি কৰা হৈছিল । ২০২০ চনৰ পৰাই পলাতক হৈ আছিল ব্ৰাৰ।

যোৱা বছৰ ২০২২ চনৰ মে’ মাহত মুছৱালাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছত কাৰাগাৰত বন্দী গেংষ্টাৰ লৰেন্স বিষ্নয়ৰ আত্মীয় বিষ্ণোই পলাতক হৈ আছিল।

ইফালে, বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানীৰ মাণ্ডোলি কাৰাগাৰত বন্দী হৈ থকা লৰেন্স বিষ্ণুইয়ে মুছেৱালাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ কথা উল্লেখ কৰিছে । পাঞ্জাৱ চৰকাৰে তেওঁৰ নিৰাপত্তা কভাৰ কৰ্তন কৰাৰ এদিন পিছত যোৱা বছৰৰ ২৯ মে’ত মানছাত গুলীয়াই হত্যা কৰা হৈছিল সিদ্ধু মুছেৱালা।

উল্লেখযোগ্য যে পঞ্জাৱ চৰকাৰে সেই মূছেৱালাকে ধৰি ৪২৪ জন লোকৰ নিৰাপত্তাৰ কভাৰ প্ৰত্যাহাৰ কৰাৰ দুদিন পিছতে এই ঘটনা সংঘটিত হয় ।

লগতে পঢ়ক : Manipur Viral Video Case : ৭ আগষ্টত পৰৱৰ্তী শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাজ্যৰ জিডিপি লৈ চমন