Local, Vocal, Global

Dhubri zila parishad CEO Biswajit Goswami suspended : দুৰ্নীতিগ্ৰস্ত জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া বিশ্বজিত্‍ গোস্বামীক নিলম্বন

নিউজ ডেস্ক, ১ আগষ্ট : ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত্‍ গোস্বামীক উত্‍কোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে চাকৰিৰ পৰা নিলম্বিত কৰা হয় (Dhubri zila parishad CEO Biswajit Goswami suspended)। সোমবাৰে অসম চৰকাৰে তেওঁক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বিশ্বজিত্‍ গোস্বামীক তেওঁৰ সহকাৰী জিলা প্ৰগ্ৰেম মেনেজাৰ (ADPM) মৃণাল কান্তি সৰকাৰৰ সৈতে বিগত ২১ জুলাইত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল । মুখ্য কাৰ্যবাহী বিষয়াৰ নিৰ্দেশ অনুসৰি পৰিষদৰ সদস্যসকলৰ পৰা ৩০ হাজাৰ টকা উত্‍কোচ গ্ৰহণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বিষয়া দুজন।

পিছত নিশা বিশ্বজিত্‍ গোস্বামীৰ বাসগৃহত অভিযান চলাই দুৰ্নীতি বিৰোধী কোষটোৱে ২ কোটিৰো অধিক নগদ ধন জব্দ কৰে।

বঙাইগাঁওত থকা পত্নীৰ বাসগৃহত তালাচী চলোৱাৰ লগে লগে ভিজিলেন্স চেলৰ চোৰাংচোৱাই ২,৩২,৮৫,৩০০ টকাৰ বৃহত্‍ পৰিমাণৰ ধন উদ্ধাৰ কৰে। পিছত চিইঅ’ আৰু এডিপিএমক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য বিশ্বজিত্‍ গোস্বামীৰ গৃহত আৰক্ষীৰ অভিয়ানত জব্দ প্ৰায় ২ কৌটি ৩৩ লাখ টকা ৷ ইমানেই নহয় চৰকাৰী আবাসত বন্ধ খামত উদ্ধাৰ হৈছিল ২০, ৩০ হাজাৰ টকা ৷ মাথোন কমিচনৰ ধনেৰে পৰ্বত সম সম্পত্তিৰ গঢ়া ACS বিশ্বজিৎ গোস্বামী । তদন্তকাৰী আৰক্ষী আবেদনৰ ভিত্তিত ঘোচখোৰ বিশ্বজিৎ গোস্বামী আৰু মৃণালকান্তি সৰকাৰক চাৰিদিনৰ আৰক্ষী জিন্মাত প্ৰেৰণ কৰে । অনশেষত জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া বিশ্বজিত্‍ গোস্বামীক চাকৰীৰ পৰা নিলম্বন হয় ।

লগতে পঢ়ক : Husband killed wife in Dhemaji : ধেমাজিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা , অন্তঃসত্ত্বা পত্নীক হত্যা কৰি স্বামীয়ে কৰিলে আত্মহত্যা