Haryana Nuh Violence : ধৰ্মীয় শোভাযাত্ৰাক কেন্দ্ৰ কৰি হাৰিয়ানাত সংঘৰ্ষ, বন্ধ ইন্টাৰনেট সেৱা, ৫ জিলাত ১৪৪ ধাৰা জাৰি
![](https://mynewsne.com/wp-content/uploads/2023/08/jfghjghkgvj-750x430.jpg)
নেশ্যনেল ডেস্ক, ১ আগষ্ট : মণিপুৰৰ হিংসা অব্যাহত থকাৰ মাজতে এইবাৰ দেশত আন এক সংঘৰ্ষ আৰম্ভ হৈছে (Haryana Nuh Violence)। এইবাৰ হাৰিয়ানাৰ নুহ জিলাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জিলাখনত অৰ্ধসামৰিক বাহিনীৰ ৮ টা বেটেলিয়ন মোতায়েন কৰা হৈছে । আনহাতে হাৰিয়ানাৰ ৫ খন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে (Section 144 has been imposed in the district)।
সোমবাৰে নুহ জিলাত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছত হাৰিয়ানাত পাঁচজন লোক নিহত হয় আৰু আৰক্ষীসহ ৫০ জনৰো অধিক লোক আহত হৈছিল । সোমবাৰে সন্ধিয়া এটা ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ এটা দলে শিল নিক্ষেপ আৰু গাড়ীত জুই লগোৱাৰ পিছত হিংসা আৰম্ভ হৈছিল।
জানিব পৰা মতে, সোমবাৰে বিশ্ব হিন্দু পৰিষদে হাৰিয়ানাৰ নুহ জিলাত ব্ৰজ মণ্ডল যাত্ৰা উলিয়াইছিল । গুৰুগ্ৰাম, ৰেৱাৰী, ৰোহতক, পানীপথ, ভিৱানী, নাৰনাউল, ঝাজ্জৰ, ফৰিদাবাদকে ধৰি বিভিন্ন জিলাৰ লোকসকলে এই যাত্ৰাত অংশগ্ৰহণ কৰিছিল । সোমবাৰে, হিন্দু সংগঠনবোৰে নুহত ব্ৰজ মণ্ডল যাত্ৰা উলিওৱাৰ সময়তে দুটা গোটৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । প্ৰথমে বিবাদ, তাৰ পাছত সংঘৰ্ষ আৰু শিলগুটি নিক্ষেপ কৰা হয় । লাহে লাহে এই ঘটনাই হিংসাৰ ৰূপ লয়গৈ ।
হাৰিয়ানাৰ নুহ জিলাত ধৰ্মীয় শোভাযাত্ৰাত শিলগুটি নিক্ষেপ কৰাৰ পাছতে সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিস্থিতিৰ সৃষ্টি হয় । সোমবাৰে পুৱাৰ পৰা আৰম্ভ হোৱা এই ঘটনাত ১৫ জনতকৈ অধিক আৰক্ষী আহত হয় । এই ঘটনাৰ বাবেই কেইবাটাও ঘৰ, দোকান আৰু বাহন জ্বলাই দিয়া হয় । মন্দিৰতো সংঘটিত হয় এই আক্ৰমণ । ইফালে, দুৰ্বৃত্তই ৪০ খনতকৈও অধিক বাহনত অগ্নিসংযোগ কৰে ।
নিজৰ জীৱন ৰক্ষাৰ বাবে সহস্ৰাধিক লোকে ওচৰৰ গুৰুগ্ৰামৰ কিছুমান মন্দিৰত আশ্ৰয় লয় । আক্ৰমণকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠী আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰিও পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হৈছে ।
জানিব পৰা মতে এই হিংসাত দুগৰাকী গৃহৰক্ষী জোৱান নিহত হৈছে । আনহাতে ১৫ জনতকৈও অধিক আৰক্ষী আহত হৈছে । নুহত সংঘটিত এই হিংসাত্মক ঘটনাৰ পাছতে অৰ্ধসামৰিক বাহিনীৰ ৮ টা বেটেলিয়ন মোতায়েন কৰা হৈছে । য’ত চিআৰপিএফৰ ৫ টা বেটেলিয়ন আৰু আৰএএফৰ ৩ টা বেটেলিয়ন অন্তৰ্ভুক্ত আছে । ইফালে হিংসাৰ মাজতে মন্দিৰত আৱদ্ধ লোকসকলকো উদ্ধাৰ কৰা হৈছে ।
জানিব পৰা মতে এই পৰ্যন্ত এই ঘটনাত আৰক্ষীসহ ৫০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয় ।
উল্লেখ্য যে, ১ আৰু ২ আগষ্টত হাৰিয়ানা বিদ্যালয় শিক্ষা পৰিষদে ৰাজ্যখনত দশম শ্ৰেণীৰ পৰিপূৰক আৰু ডি.এল.এড পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিল । কিন্তু নুহৰ হিংসাৰ পাছতে পৰীক্ষাসমূহ স্থগিত কৰা হৈছে ।
পৰিষদৰ অধ্যক্ষ ড৹ ভিপি যাদৱে কয় যে, স্থগিত পৰীক্ষাৰ তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব । প্ৰথমে কেৱল নুহ আৰু পালৱাল জিলাৰ পৰীক্ষা কেন্দ্ৰতহে এই পৰীক্ষাসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও পাছত সমগ্ৰ জিলাতে এই পৰীক্ষা স্থগিত ৰখা হয় ।
ইয়াৰ উপৰিও নুহকে ধৰি হাৰিয়ানাৰ ৫ খন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে । ১ আগষ্টৰ বাবে নুহ, ফৰিদাবাদ, গুৰুগ্ৰাম আৰু পালৱালত শিক্ষানুষ্ঠান আৰু প্ৰশিক্ষণ কেন্দ্ৰসমূহ প্ৰশাসনে বন্ধ ৰখাৰ নিৰ্দেশ দিছে । উপায়ুক্ত প্ৰশান্ত পানৱাৰে শান্তি আৰু আইন শৃংখলা পৰিস্থিতি উন্নত কৰাৰ বাবে পুৱা ১১ বজাত উভয় সমাজৰ বৈঠক আহ্বান কৰে ।
নুহত নিশা নিৰাপত্তা বাহিনী ফ্লেগ মাৰ্চো কৰে । অৰ্ধসামৰিক বাহিনীয়ে নুহৰ নালহাদৰ শিৱ মন্দিৰত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰে । জানিব পৰা মতে হিংসাৰ পাছত ১ হাজাৰৰো অধিক লোক মন্দিৰটোত আৱদ্ধ হৈ আছিল । লোকসকলৰ ভিতৰত অধিকাংশই মহিলা আছিল বুলি জানিব পৰা গৈছে । ইয়াৰ উপৰিও, আন কিছুমান ঠাইত আৱদ্ধ লোকসকলক উদ্ধাৰৰ প্ৰচেষ্টা চলি আছে ।
হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল বিজে কয় যে, ‘উৰাবাতৰি আৰু উচটনি ৰোধ কৰিবলৈ ম’বাইল আৰু ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ।’ নুহত ২ আগষ্টলৈকে ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে । নুহৰ এই হিংসা লাহে লাহে গুৰুগ্ৰামৰ চোহনা আৰু পালৱাল জিলাতো বিয়পি পৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Chennai Encounter : আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাওঁতেই গুলীয়াই হত্যা দুই অপৰাধী