Guwahati murder : ধনৰ বাবেই বন্ধুক হত্যা কৰি লুকুৱাই থলে পানী-মেটেকাৰ তলত
নিউজ ডেস্ক, ৩১ জুলাই : ৰাজ্যত ধাৰাবাহিকভাৱে সংঘটিত হ’বলৈ ধৰিছে হত্যাকাণ্ডৰ ঘটনা(Guwahati murder) । আজি পুনৰ এনে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত । মহানগৰীৰ ছাবিপুলত থকা ডেম্পত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো (Guwahati murdered a friend in sabipul for money)।
হত্যাকাণ্ডটোত ছাদ্দাম আলী নামৰ এজন লোকক হত্যা কৰা বুলি জানিব পৰা গৈছে । খবৰ অনুসৰি, হাকিম আলী নামৰ অভিযুক্তজনে ছাদ্দাম আলীক মৰিয়াই মৰিয়াই হত্যা কৰে । তদুপৰি, ছাদ্দাম আলীক মৃত্যুৰ পূৰ্বে চুৰিৰে হানিছিল বুলিও জানিব পৰা গৈছে । ছাদ্দাম আলীৰ মৃতদেহত ডিঙিত দুটা, পিঠিত দুটা, পেটত দুটা, মুঠ ৬ বাৰ আঘাত কৰিছিল আৰু পিঠিৰ ভিতৰত চুৰিৰ এটা অংশ সোমাই আছিল । মৃত ছাদ্দামৰ দুচকীয়া পালচাৰ বাহনখন আঠগাঁও দলঙৰ তলত উদ্ধাৰ হয় ।
উল্লেখযোগ্য যে, ধনৰ বাবেই উক্ত হত্যাকাণ্ডটো সংঘটিত হয় বুলি জানিব পৰা গৈছে। হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ গড়চুক আৰু ফটাশিলৰ দুৰ্গম অঞ্চলৰ পানী-মেটেকাৰ তলত লুকুৱাই ৰাখিছিল মৃতদেহ। হত্যাকাণ্ড সংঘটিত কৰা হাকিম আলীৰ ঘৰ কলগাচিয়াত । অভিযুক্ত হাকিম আলীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ।
জানিব পৰা মতে, হাকিম আলীয়ে নিজে ব্লেডেৰে মূৰ কাটি ডেম্পৰ স্বত্বাধিকাৰীক পুৱতি নিশা ৩:১৬ বজাত ডকাইতি হোৱা বুলি জনাইছিল। এই ঘটনা সম্পৰ্কে স্বতাধিকাৰী ৰফিকুল ইছলামে দাখিল কৰিছিল এজাহাৰ। ঘটনাস্থলীত ফটাশিল আৰক্ষী আৰু পল্টনবজাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Minor sisters gang raped in Rajasthan: পিতৃৰ দুই বন্ধুৱে ধৰ্ষণ কৰি অন্তসত্বাঃ কৰিলে দুই ভগ্নীক