Wild Elephanat death: পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু

নগাঁও, ৩১জুলাই : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে হাতী মানুহৰ সংঘাত(Wild Elephanat death)। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।
প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild Elephanat death)। ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ মৃত্যু হৈছে।
হোজাইত বনৰীয়া হাতীৰ কৰুণ মৃত্যু। হোজাই ৰাইকতা কছাৰী গাঁৱতত সংঘটিত হৈছে এই ঘটনাৰ। খাদ্যৰ সন্ধানত বনাঞ্চল ৰ পৰা জনাঞ্চলৈ ওলাই আহিছিল হাতীটো। সোমবাৰে ৰাতিপুৱা স্থানীয় লোকে
ৰাইকতা কছাৰী গাঁওৰ খেতি ওপৰত পৰি থকা প্ৰত্যক্ষ কৰে হাতী মৃতদেহটো। নিশা ভাগত মৃত্যু হয় বুলি সন্দেহ কৰে স্থানীয় ৰাইজে (Wild elephanat death in Hojai)। জানিব পৰা মতে, হাতীটোৰ গাত কোনো আঘাতৰ চিন দেখা পোৱা নাই। খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। বৰ্তমান হোজাই বনবিভাগৰ এটা দল আহি এই ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।
উল্লেখ্য যে , ইয়াৰ পূৰ্বেও ৰাজ্যৰ বিভিন্ন জিলাত কেইবাটাও বনৰীয়া হাতীয়ে অকাল মৃত্যুক সাৱটি ল’ব লগা হৈছিল । কিন্তু তাৰ পিছতে খবৰ নাই বন বিভাগৰ। কুম্ভ নিদ্ৰাত বন বিভাগ। এয়াই নেকি ৰাজ্যৰ বিয়াগোম বন বিভাগৰ ফোঁপোলা স্বৰূপ।
শেহতীয়াকৈ অসমৰ বহুকেইটা বনৰীয়া হাতীত মৃত্যু হোৱা দেখা গৈছে(Wild elephanat death)। ইয়াৰ কাৰণ হ’ল বনাঞ্চল ধ্বংস আৰু ভূমি বেদখল। মানুহে অবৈধভাৱে বনাঞ্চল ধ্বং কৰাৰ ফলত খাদ্যৰ সন্ধানত জনাঞ্চলৰ পৰা বনাঞ্চললৈ উলাই আহে হাতী।যাৰ ফলত সৃষ্টি হয় এনে ঘটনাৰ। এনে ঘটনা সংঘটিত হোৱাৰ পিছতে কিন্তু গাঁ লৰা নাই বন বিভাগৰ ।
লগতে পঢ়ক : Man Elephant conflict: বিশ্বনাথত বন্যহস্তীৰ তাণ্ডৱ