Monsoon Session 2023: পুনৰ আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন

নেশ্যনেল ডেস্ক, ৩১জুলাই : আজি পুনৰ আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন । দুদিনীয়া বিৰতিৰ পিছত সোমবাৰৰ পৰা পুনৰ আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন-2023 ৷ বিগত দিনকেইটা মণিপুৰৰ ঘটনাক লৈ সংসদ উত্তাল হৈ আছে । আজি পুনৰ মণিপুৰৰ ঘটনাক লৈ সংসদ হুলস্থূল হোৱাৰ সম্ভাৱনা আছে (Monsoon Session 2023) ।
কিয়নো দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰৰো লৈ যোৱা বিৰোধী মিত্ৰজোঁট (INDIA)ৰ সৈতে জড়িত ১৬ টা দলৰ ২১ জন সাংসদ মণিপুৰ ভ্ৰমণৰ পৰা উভতি আহিছে (Manipur crisis likely to take centre stage in both Houses again) ৷
আজি তেওঁলোকো পুনৰ মণিপুৰৰ সমস্যাবোৰক লৈ সংসদত উত্থাপন কৰাৰ সম্ভাৱনা আছে ৷ একে সময়তে আজি সংসদৰ বৰ্ষাকালীন অধিৱেশন অধিবক্তা (সংশোধনী) বিধেয়ক, ২০২৩ উত্থাপন কৰিব ।
আজি ৰাজ্যসভাত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অধিবক্তা আইন, ১৯৬১ সংশোধনৰ বাবে অধিবক্তা (সংশোধনী) বিধেয়ক, ২০২৩ উত্থাপন কৰিব ৷
আজি লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লী সেৱা বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা আছে (Amit Shah to introduce NCT services bill in Lok Sabha today) ৷ আৰু এই বিধেয়কখনৰ নাম সলনি কৰি দিল্লী সংশোধনী বিধেয়ক ২০২৩ কৰা হৈছে ৷ দিল্লী সংশোধনী বিধেয়ক ২০২৩খন লোকসভাত আলোচনাৰ বাবে প্ৰচাৰ কৰা হৈছে ৷
আনহাতে, আম আদমী পাৰ্টিয়ে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে ৷ কংগ্ৰেছ দলে এই বিষয়ত আম আদমী পাৰ্টিক সমৰ্থন কৰাৰ আশ্বাস দিছে ৷ আজি এই বিধেয়ক খন সংসদত উত্থাপনক লৈ হুলস্থুল হোৱাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে, মণিপুৰৰ হিংসাত্মক ঘটনাৰ সন্দৰ্ভত সদনত প্ৰথম দিনাৰ পৰাই শাসকীয় দল আৰু বিৰোধীৰ মাজত হুলস্থূল অব্যাহত আছে ৷ এইবাৰৰ অধিৱেশনত মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবীত বিৰোধীয়ে কঠোৰ সমালোচনা কৰি থকাৰ মাজতে লোকসভাই পাঁচখন বিধেয়ক গৃহীত কৰিছে ৷
ৰাজ্যসভাৱো চিনেমাটোগ্ৰাফ (সংশোধনী) বিধেয়ককে ধৰি তিনিখন বিধেয়ক গৃহীত কৰিছে ৷ মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাক লৈ সংসদৰ উত্তাল হৈ থকাৰ মাজতো ইয়াৰ অৱসান ঘটাবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰস্তাৱ দিছে যে, মণিপুৰৰ ঘটনাক লৈ দুয়োখন সদনত হোৱা আলোচনাৰ উত্তৰ দিবলৈ ইচ্ছুক ৷ কিন্তু বিৰোধীয়ে এই প্ৰস্তাৱ নাকচ কৰে আৰু প্ৰধানমন্ত্ৰীৰ বিস্তৃত বক্তব্যৰ দাবী কৰে ।
লগতে পঢ়ক : BJP National Secretary: বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব কামাখ্যা প্ৰসাদ তাছাক