Local, Vocal, Global

Pakistan Blast: পাকিস্তানত ভয়ংকৰ বিস্ফোৰণ;নিহত ৫০জন, আহত ২০০ৰো অধিক

ইন্টাৰনেশ্যনেল ডেস্ক, ৩১জুলাই : পাকিস্তানত ভয়ংকৰ বিস্ফোৰণ (Pakistan Blast)। পাকিস্তানত এখন ৰাজনৈতিক সভাত চলি থকাৰ সময়তে এই ভয়ংকৰ ঘটনাই কঁপাই জাই অঞ্চলজুৰি । এই ভয়ংকৰ ঘটনাটোৰ ফলত ৫০জন লোক নিহত হোৱাৰ উপৰিও আহত হয় ২০০জনৰো অধিক লোক (Explosion in Pakistan) ।

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। পাকিস্তানৰ বাজাউৰৰ খাৰত অনুষ্ঠিত হোৱা জমিয়ত উলেমা-ই-ইছলাম-ফজলত এক কৰ্মী সন্মিলনত এই বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ এই বিস্ফোৰণৰ ফলত কমেও ৫০ জন লোক নিহত হোৱাৰ লগতে ২০০ জনৰো অধিক লোক আহত হয় বুলি জানিব পৰা গৈছে ৷ এই বিস্ফোৰণৰ লগত উগ্ৰপন্থী জড়িত থকাৰ অভিযোগ কৰিছে (Dozens killed in suicide bombing at Pakistan political rally) ।

এই বিস্ফোৰণৰ ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু প্ৰদেশৰ তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী আজম খানক ঘটনাটোৰ তদন্ত কৰিবলৈ দাবী কৰে জেইউআই-এফৰ মুৰব্বী মৌলানা ফজলুৰ ৰহমানে ৷ এই ভয়ংকৰ ঘটনাৰ পিছতে আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় ।

এই ভয়ংকৰ ঘটনাৰ পিছতে জেইউআই-এফৰ মুৰব্বী মৌলানা ফজলুৰ ৰহমানৰ লগতে দলীয় কৰ্মীসকলক চিকিৎসালয়ত উপস্থিত হয় আৰু আহতসকলক ৰক্তদান কৰিবলৈ আহ্বান জনায় ৷

আনহাতে এই ঘটনাক মুখ্যমন্ত্ৰী আজম খানে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু জিলা প্ৰশাসনৰ পৰা এই ভয়ংকৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিবেদন বিচাৰে ৷

এই ভয়ংকৰ ঘটনাৰ বিষয়ে আৰক্ষীয়ে জনোৱা অনুসৰি, এই ভয়ংকৰ ঘটনাত আহতসকলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ জানিব পৰা মতে বেছিসংখ্যক লোকৰ অৱস্থা অতি সংকটজনক । ৰেছক্যুউ ১১২২ ৰ মুখপাত্ৰয়ে এক সংবাদ মাধ্যমক জনায় যে এই ঘটনাৰ পিচতেই পাঁচখন এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক উদ্ধাৰ কৰি ততাতৈয়ৈকৈ চিকিসালয়তলৈ প্ৰেৰণ কৰে ।

এই ঘটনাক লৈ বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টো জৰ্দাৰীয়ে গৰিহণা দিয়ে। বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত খাইবাৰ পখতুনখোৱাৰ আই জি আখতাৰ হায়াত গণ্ডাপুৰে কয় যে ‘’ এই সভাত এজন জ্যেষ্ঠ নেতাই ভাষণ দিয়াৰ কথা আছিল। কিন্তু, তেওঁ গৈ পোৱাৰ আগতেই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল( Explosion at Political Rally Claims 50 Lives Injures Over 200) ।

”বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা নিশ্চিত কৰি প্ৰাদেশিক স্বাস্থ্য মন্ত্ৰী ৰিয়াজ আনোৱাৰে কয় যে, চিকিৎসালয়খনত এতিয়ালৈকৈ ৪০টা মৃতদেহ আছে। ইয়াৰ উপৰিও ১৫০ জন লোক আহত হয়। ইয়াৰে ১৭ জনৰ অৱস্থা অতি সংকটজনক(50 killed in suicide blast at political party meet in Pakistan)।

”স্থানীয় সূত্ৰ অনুসৰি, চলিত বছৰত নিৰ্বাচন আছে আৰু নির্বাচনৰ প্রচাৰৰ বাবে দেওবাৰে খাইবাৰ পাখতুনখোৱা প্রদেশৰ খাৰ চহৰত জমিয়ত উলেমা ইছলাম-ফজলৰ এখন সভা অনুষ্ঠিত হয় ৷ এই সভা উপলক্ষ্যে বহু লোক সমবেত হয় ।এই সভা চলি থকাৰ সময়তে হঠাৎ ভয়ংকৰ বিস্ফোৰণ ঘটনাটো সংঘটিত হয়।এই বিস্ফোৰৰ ঘটনাটো আত্মঘাতী বোমাৰুৱে এই বিস্ফোৰণ ঘটোৱাৰ সন্দেহ কৰা হৈছে।

অৱশ্যে এই ভয়ংকৰ ঘটনাৰ আঁৰত কোন আছে সেয় কথা এতিয়াও স্পষ্ট হোৱা নাই।

লগতে পঢ়ক : Madhya Pradesh Rape Case : প্ৰথমে যৌনাংগত সুমুৱালে কঠিন বস্তু,তাৰ পিছত দলবদ্ধ ধৰ্ষণ