Local, Vocal, Global

Golaghat Triple Murder: গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ হত্যাকাৰী নাজিবুৰৰ মাতৃক চাকৰিৰ পৰা বৰ্খাস্ত

নিউজ ডেস্ক, ৩০ জুলাই : গোলাঘাট ত্ৰিপল মাৰ্ডাৰ হত্যাকাৰী নাজিবুৰ ৰহমানৰ মাতৃ চালেহা বেগমক চাকৰিৰ পৰা বৰ্খাস্ত(Golaghat Triple Murder) । চালেহা বেগম গোলঘাট খণ্ড বন বিষয়া কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল । পুত্ৰৰ কুকৰ্মৰ বাবেই মাতৃয়ে চাকৰি হেৰুৱাব লগা হৈছে(Golaghat Triple Mmurder culprit nazibur Mother suspended from her job) ।

গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে । নাজিবুৰ ৰহমান বৰা নামৰ লোকজনে পত্নী আৰু শাহু-শহুৰেকক নৃশংসভাৱে হত্যা কৰি কণমানি সন্তানক কোলাত লৈ থানাত আত্মসমৰ্পণ কৰিছিল । ইয়াৰ পিছতেই এই ঘটনাৰে জড়িত বিভিন্ন দিশ পোহৰলৈ আহিছে । ঘটনা সন্দৰ্ভত বৰ্তমানেও আৰক্ষীয়ে তদন্ত অ‍ব্যাহত ৰাখিছে ।

উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে নাজিবুৰৰ ককায়েক হিজবুল ৰহমান বৰাকো গ্ৰেপ্তাৰ কৰিছিল । হত্যাকাৰী নাজিবুৰৰ মাতৃকো গোলাঘাটৰ পৰা আটক কৰিছিল আৰক্ষীয়ে ।

নাজিবুৰে প্ৰায়ে নিজ ককায়েক আৰু বৌৱেককে অত্যাচাৰ চলাইছিল বুলি বৌৱেকে গুৰুতৰ অভিযোগ উত্থাপন কৰে । বৌৱেকে কয় যে, নাজিবুৰৰ অত্যাচাৰত তেওঁলোকে ঘৰ এৰি ভাড়াঘৰত থাকিব লগা হৈছিল। নাজিবুৰৰ ফাঁচীৰ দাবী তুলিছে বৌৱেকে।

উল্লেখ্য এই ঘটনাৰ বুজ ল’বলৈ ২৬ জুলাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰিছিল । মুখ্যমন্ত্ৰীয়ে ১৫ দিনৰ ভিতৰত এই ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰা হ’ব বুলি উল্লেখ কৰিছিল । লগতে কৈছিল যে, এই ঘটনাৰ তদন্ত ক্ষীপ্ৰ গতিত চলিছে আৰু দোষীয়ে উচিত শাস্তি পাব । ফাষ্ট ট্ৰেক আদালতত ঘটনাৰ বিচাৰ কৰা হ’ব বুলি উল্লেখ কৰি ইয়াৰ বাবে বিশেষ চৰকাৰী অধিবক্তাকো নিয়োগ কৰা হ’ব বুলি জনাইছিল ।

লগতে পঢ়ক : Gang raped in Jorhat : যোৰহাটত নাবালিকাক দলবদ্ধ ধৰ্ষণ