Local, Vocal, Global

Former West Bengal CM hospitalis : গুৰুতৰভাৱে অসুস্থ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য

নেশ্যনেল ডেস্ক, ৩০ জুলাই : পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বাওঁপন্থী নেতা বুদ্ধদেৱ ভট্টাচাৰ্য গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে । তেওঁক বৰ্তমান হাস্পাতালৰ ভেন্টিলেচনত ৰখা হৈছে (Former West Bengal CM hospitalis) । শনিবাৰে বিয়লি হাওঁফাওঁৰ সংক্ৰমণ, উশাহ-নিশাহৰ সমস্যা আৰু নিউমোনিয়াৰ বাবে বুদ্ধদেৱ ভট্টাচাৰ্যক কলকাতাৰ উডলেণ্ডছ হাস্পতালত ভৰ্তি কৰোৱা হয় (Former West Bengal Chief Minister Buddhadeb Bhattacharjee)। ইয়াৰ পিছত তেওঁক নন-ইনভেছিভ ভেণ্টিলেচনত ভৰ্তি কৰা হৈছে ।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অৱস্থা অতি সংকটজনক। পূৰ্বতকৈ শাৰীৰিক অৱস্থাৰ বিশেষ উন্নতি হোৱা নাই । নিশা তেওঁক ইনভেছিভ ভেন্টিলেচনত ভৰ্তি কৰোৱা হৈছিল । অৱশ্যে শনিবাৰে দুপৰীয়াৰ তুলনাত তেওঁৰ শাৰীৰিক অৱস্থা কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, বুধবাৰে বুদ্ধদেৱৰ নিউমোনিয়া ধৰা পৰে । শনিবাৰে তেওঁৰ স্বাস্থ্যৰ বেছি অৱনতি ঘটে । হঠাতে তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰাত শনিবাৰে তেওঁক উডলেণ্ডছ হাস্পাতলললৈ লৈ যোৱা হয়। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে হৃদৰোগ বিশেষজ্ঞকে ধৰি ৮ গৰাকী চিকিৎসকক লৈ এখন চিকিৎসা ব’ৰ্ড গঠন কৰা হৈছে ।

বুদ্ধদেৱ ভট্টাচাৰ্যৰ অসুস্থতাৰ খবৰ শুনাৰ পিছতে ৰাজ্যপাল চি ভি আনন্দ বসু শনিবাৰে বিয়লি চিকিৎসালয়ত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বুজ লয় । আনহাতে বাওঁ মৰ্চাৰ বহু নেতাও চিকিৎসালয়ত উপস্থিত হয় । ৰাজ্যখনৰ বিভিন্ন শ্ৰেণীৰ লোকে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ।

লগতে পঢ়ক : Drugs paddler arrested: কৰিমগঞ্জ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী