BJP National Secretary: বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব কামাখ্যা প্ৰসাদ তাছাক
![Kamakhya Prasad Tasa appointed as National Secretary of BJP](https://mynewsne.com/wp-content/uploads/2023/07/ুীূপূপল-7-750x430.jpg)
নেশ্যনেল ডেস্ক, ২৯জুলাই : বিজেপিত বৃহৎ সালসলনি । ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিত ব্যাপক সালসলনি । বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব অসমৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক (BJP National Secretary) ।
বিজেপি দলৰ কেন্দ্ৰীয় পদবীৰ পৰা অসমৰ লোকসভাৰ সাংসদ দিলীপ শইকীয়াক আঁতৰোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব দিলে কামাখ্যা প্ৰসাদ তাছাক (MP Kamakhya Prasad Tasa appointed as National Secretary of BJP) ।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল সাংসদ দিলীপ শইকীয়া । দেশৰ বিভিন্ন ৰাজ্যৰ ১৩গৰাকী নেতাক ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব দিয়া হৈছে । ইয়াৰ ভিতৰত আছে অন্ধ্ৰপ্ৰদেশৰ সত্যা কুমাৰ, মহাৰাষ্ট্ৰৰ বিজয়া ৰাহতকৰ আৰু পংকজা মুণ্ডে,পাঞ্জাৱৰ নৰেন্দ্ৰ সিং ৰেইনা, দিল্লীৰ অৰবিন্দ মেনন,পশ্চিমবংগৰ অনুপম হাজৰা,ৰাজস্থানৰ অলকা গুজ্জৰ, মধ্যপ্ৰদেশৰ ওমপ্ৰকাশ ধুবে,ঝাৰখণ্ডৰ আশা লাকড়া, বিহাৰৰ শত্ৰুৰাজ সিনহা, অসমৰ কামাখ্যা প্ৰসাদ তাছা,কেৰালাৰ অনিল এণ্টনী আৰু উত্তৰপ্ৰদেশৰ সুৰেন্দ্ৰ সিং নাগৰ( Kamakhya Prasad Tasa Appointed As National Secretary Of BJP) ।
উল্লেখ্য যে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় দল বিজেপিয়ে ৰাষ্ট্ৰীয় সমিতিত নতুনত্ব আনিছে ।ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্দেশ মৰ্মে সালসলনি ঘটোৱা হৈছে ৰাষ্ট্ৰীয় সমিতিৰ ।
ইফালে অসম ৰাজ্যিক বিজেপিৰ পদবীৰ ক্ষেত্ৰতো ব্যাপক সালসলনি কৰোৱা হৈছে । সেই অনুসৰি অসমৰ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক পদৰ পৰা ফণীন্দ্ৰ নাথ শৰ্মাক আঁতৰাই হাৰিয়াণাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান কৰে । ইফালে হাৰিয়ানাৰ পূৰ্বে সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুক অসমৰ বিজেপিৰ দলৰ নতুন সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰিছে(Both G R Raju and phanindranath Sharma will be swapping their positions) ।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্ৰদান কৰে এই নিযুক্তি ।
উল্লেখ্য যে নতুন পদৰ বাবে কামাখ্যা প্ৰসাদ তাছাক দলৰ ৰাজ্যিক নেতৃত্বই শুভেচ্ছা জ্ঞাপন কৰিছে ।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে আন আন পদৰ দায়িত্ব লাভ কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে ।
আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সচিব হিচাবে স্থান লাভ কৰাত তেওঁ যথেষ্ট আনন্দিত হৈছোঁ ।তেওঁ এগৰাকী চাহ জনগোষ্ঠীৰ জনপ্ৰিয় নেতা হিচাপে যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিছে ।
লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে, কামাখ্যা প্ৰসাদ তাছাক তেখেতৰ এই নতুন কাৰ্যকালৰ বাবে আন্তৰিক শুভকামনা জনায় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।