Arunachal Pradesh in Landslide : ভয়ংকৰ ভূমিস্খলন! পাহাৰৰ পৰা বাগৰি অহা ঢলে উটুৱাই নিলে এখন বাহন
নিউজ ডেস্ক, ২৯ জুলাই : অসমৰ পৰা অৰুণাচল প্ৰদেশলৈ ফুৰিব যোৱাসকল অথবা যাম বুলি ভাবি থকাসকল সাৱধান ৷ অৰুণাচলত ৰুষ্ট হৈ উঠিছে প্ৰকৃতি(Arunachal Pradesh in Landslide) ৷ অৰুণাচলৰ ৫১৩নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন । পাহাৰৰ পৰা বাগৰি অহা মাটি পানীয়ে উটুৱাই নিলে এখন বাহন ৷
জানিব পৰা মতে, শুকুৰবাৰে পাচিঘাটৰ পৰা য়িংকঙলৈ যোৱা ৫১৩নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা। পংগিঙৰ সমীপৰ ৰিঃবি কৰং নদীত হঠাৎ পাহাৰৰ ওপৰৰ পৰা মাটি পানীৰ ঢল বাগৰি আহি পথৰ ওপৰত থকা এখন টাটা নেকচন বাহন খহাই নিয়াৰ লগতে নিমিষতে পুতি পেলায় ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ বৃহৎ অংশ ৷ ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে এজন লোকৰ ৷
শনিবাৰে পুৱাৰ ভাগত ফকলেণ্ডৰ সহায়ত গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় অৰুণাচল প্ৰশাসনে ৷ ফলত পথৰ দুয়ো দিশে আৱদ্ধ হৈ পৰিছে যান-বাহন ৷ আনহাতে অৰুণাচলৰ ৰুকচিন, পাচিঘাট, বদাং, চিলি জেইং, পাদু, দামৰ, ইয়ংকং মাৰিয়াং আদিৰ সৈতে যোগাযোগ বন্ধ হৈ পৰিছে ৷
সৌভাগ্যক্ৰমে বাহনখনত থকা লোকসকলৰ প্ৰাণ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে ৷ উটুৱাই নিয়া বাহনখন পিছত উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে ৷