Australia Military helicopter crash : অষ্ট্ৰেলিয়াত সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত
![Four feared dead after Australian military helicopter crashes into Pacific](https://mynewsne.com/wp-content/uploads/2023/07/ুীূপূপল-1-750x430.jpg)
ইন্টাৰনেশ্যনেল ডেস্ক, ২৯জুলাই : হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত । শুকুৰবাৰে মাজ নিশা অষ্ট্ৰেলিয়াৰ এখন সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় (Australia Military helicopter crash) ।
প্ৰাপ্ত তথ্য় অনুসৰি, শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ এখন সামৰিক হেলিকপ্টাৰ সাগৰৰ হেমিল্টন দ্বীপৰ সমীপৰ কুইন্সলেণ্ডৰ উপকূলত দুৰ্ঘটনাগ্ৰস্ত হয় । আমেৰিকাৰ সৈতে যৌথ সামৰিক অনুশীলনৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে । আৰু এই কথা নিশ্চিত কৰে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কৰ্পৰেশ্যনে (Four Australian crew members missing after military helicopter crash) ।
ব্ৰডকাষ্টিং কৰ্পৰেশ্যনে এই বিষয়ত অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছৰ অধিক তথ্য প্ৰদান কৰি কয় । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নিগমৰ সৈতে হোৱা কথা-বতৰাত পিছত কয় যে টাইপান নামেৰেও পৰিচিত MRH ৯০ হেলিকপ্টাৰখন শুকুৰবাৰে পুৱা প্ৰায় ১০:৩০ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় ।জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত চাৰিজন ক্ৰুৰ আছিল ।
এই বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছে কয় যে, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান লগে লগে আৰম্ভ কৰিছে ৷ আৰু এই অভিযান বৰ্তমানো চলি আছে বুলি । সংবাদ মাধ্যমৰ আগত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে , ‘‘দুৰ্ঘটনাত পতিত হোৱা চাৰিজন এয়াৰমেনৰ পৰিয়ালক এই ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে । লগতে মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানেও উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ আৰু অনুসন্ধান চলাই আছে আমি আশাবাদী যে আমি ইতিবাচক খবৰ পাম’’ ।
আনহাতে অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী এংগাছ কেম্পবেলে এই হেলিকপ্টাৰ দুৰ্ঘটনাটোক এক ভয়ংকৰ আৰু দুখজনক বুলি কয় । তেওঁ লগতে কয় যে , ‘‘এতিয়া আমাৰ কাম হৈছে দুৰ্ঘটনাত পতিত হোৱা এয়াৰমেন কেইগৰাকীক আমি বিচাৰি উলিওৱাটো ৷ আৰু এই ক্ষেত্ৰত আমাক আমেৰিকান সহকৰ্মীসকলে যথেষ্ট সহায় কৰি আছে’’(Four feared dead after Australian military helicopter crashes into Pacific) ৷
ইফালে এক্সাৰচাইজ তালিছমান ছাব্ৰেৰ ব্যায়াম সঞ্চালক ব্ৰিগেডিয়াৰ ডেমিয়ান হিলে কয় যে , ‘‘ইয়াৰ পূৰ্বেও জুলাই মাহত আমেৰিকান সেনাৰ এখন টেংক সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনাত আৰু ইয়াৰ ফলত ৬ জন লোক আহত হয়’’ ।
উল্লেখ্যযোগ্য যে, অষ্ট্ৰেলিয়ান সেনাৰ সৈতে আমেৰিকান সেনাবাহিনীৰ অনুশীলন ‘তালিছমান ছেবাৰ’ চলি আছিল ।কিন্তু দুৰ্ঘটনাৰ পিচত এই অনুশীলন বন্ধ কৰি দিয়া হৈছে । দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনো এই অনুশীলনত অংশ লৈছিল( Australia military helicopter crashes) ।
অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যনে প্ৰকাশ কৰে যে ‘তালিছমান ছেবাৰ’ৰ অনুশীলন অংশ হিচাপে হুইটছাণ্ডেজত আমেৰিকাৰ মেৰিন আৰু অষ্ট্ৰেলিয়াৰ সৈন্যই একেলগে ব্যায়াম কৰি আছিল । অনুশীলন তালিছমান ছেবাত ফ্ৰান্স , আমেৰিকা আৰু অষ্ট্ৰেলিয়াকে ধৰি ১৩খন দেশ জড়িত হৈ আছে ।
নিউজিলেণ্ডৰ আৰ এন জেডে উল্লেখ কৰে যে, এই তালিছমান ছেবা অনুশীলন দুবছৰত এবাৰ মাত্ৰ হে কৰা হয় । লগতে আৰ এন জেডে কয় যে, এই অনুশীলন হৈছে উচ্চ পৰ্যায়ৰ, যুদ্ধৰ পৰিস্থিতিৰ প্ৰস্তুতি আৰু নিষ্পাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক অনুশীলন ।এই অনুশীলনৰ এইবাৰ ১০ বছৰ সম্পূৰ্ণ হ’ব ।
লগতে পঢ়ক : Buldhana Bus accident : তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাত পতিত, নিহত ৬, গুৰুতৰভাৱে আহত ২১