Opposition Team Visits Manipur : আজি দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰিব INDIAৰ ২০ গৰাকী সাংসদ
নেশ্যনেল ডেস্ক, ২৯ জুলাই : আজি মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল’ব INDIAৰ ২০ গৰাকী সাংসদ (Opposition Team Visits Manipur )। এইসকল বিৰোধী সাংসদে ৰাজ্যখনত দুদিনকৈ বাহৰ পাতিব। শনিবাৰে বিৰোধী দলৰ ২০ গৰাকী সাংসদে অশান্ত মণিপুৰৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত বুজ লোৱাৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যখনলৈ আহিব(20 opposition MPs to visit manipur Today)।
২৯ আৰু ৩০ জুলাইত দুদিনীয়া সূচীৰে মণিপুৰ ভ্ৰমণৰ বাবে সাজু বিৰোধী মিত্ৰজোট INDIA ৰ এটা প্ৰতিনিধি দল(Opposition Team Visits Manipur )। মুঠ ২৬ টা ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ INDIAৰ এই প্ৰতিনিধি দলটোত আছে মুঠ ২০ জন সদস্য(MPs from opposition INDIA to visit Manipur)।
মণিপুৰত শান্তি স্থাপনৰ বাবে গ্ৰহণ কৰিবগলীয়া ব্যৱস্থাৱলীৰ বিষয়ে বিৰোধী গোটৰ ২০ সাংসদে কেন্দ্ৰীয় চৰকাৰ আৰু সংসদক পৰামৰ্শ আগবঢ়াব। বিৰোধী দলৰ প্ৰতিনিধি হিচাপে ৰাজ্যখনলৈ আহিব কংগ্ৰেছৰ গৌৰৱ গগৈ,অধীৰঞ্জন চৌধুৰী,তৃণমূল কংগ্ৰেছৰ সুস্মিতা দেৱ,জে এম এমৰ মহুৱা মাঝি,ডিএম কেৰ কানিমোঝি,এন চি পিৰ মহম্মদ ফইজল,আৰ এল ডিৰ জয়ন্ত চৌধুৰীকে ধৰি আপ,শিৱসেনা আদি মহাজোঁটৰ ২০ গৰাকী সাংসদ ৰাজ্যখনলৈ আহিব।
এই ভ্ৰমণকালত সাংসদসকলে ৰাজ্যখনৰ জনসাধাৰণ তথা দল-সংগঠনৰে বিভিন্ন আলোচনাত মিলিত হ’ব। ইফালে মণিপুৰৰ ৰাজ্যপালকো সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে বিগত প্ৰায় ৩ মাহ ধৰি উত্তপ্ত হৈ থকা মণিপুৰলৈ এতিয়াও শান্তি অহা নাই(Manipur Violence) । চলিত সংসদৰ বৰ্ষাকালীন অধিৱেশনত মণিপুৰ প্ৰসংগত উত্তাল হৈ পৰিছিল । বিৰোধীয়ে প্ৰধানমন্ত্ৰীয়ে সদনত মণিপুৰ প্ৰসংগত বক্তব্য ৰখাৰ দাবী কৰিছে যদিও প্ৰধানমন্ত্ৰীয়ে সেই দাবীক আওকাণ কৰাৰ বিপৰীতে গৃহমন্ত্ৰী অমিত শ্বাহেহে সংসদত মণিপুৰক লৈ আলোচনা কৰিব বুলি কৈছিল ।
যাৰ বাবে সংসদ প্ৰায় অচল হৈ আছে । শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা পুনৰ সংসদৰ অধিৱেশন আৰম্ভ হয় যদিও প্ৰধানমন্ত্ৰীয়ে মণিপুৰ প্ৰসংগত ভাষণ আগবঢ়াবলৈ অস্বীকাৰ কৰাত পুনৰ সংসদ উত্তাল হৈ পৰে।
আজি অৰ্থাৎ শনিবাৰে এই প্ৰতিনিধি দলটো মণিপুৰলৈ ৰাওনা হ’ব । এই প্ৰতিনিধি দলৰ মূল উদ্দেশ্য হৈছে মণিপুৰৰ জনতাৰ দুখ, বেদনা, তেওঁলোকৰ যন্ত্ৰণাক বুজ লোৱা। উল্লেখ্য যে, এই প্ৰতিনিধি দলটোৱে মণিপুৰৰ আশ্ৰয় শিৱিৰ সমূহলৈ গৈ তাত আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ৰাজ্যখনৰ ৰাজ্যপালৰ সৈতেও আলোচনাত বহিব।
লগতে পঢ়ক : Buldhana Bus accident : তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাত পতিত, নিহত ৬, গুৰুতৰভাৱে আহত ২১