Buldhana Bus accident : তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাত পতিত, নিহত ৬, গুৰুতৰভাৱে আহত ২১
নেশ্যনেল ডেস্ক, ২৯ জুলাই : মহাৰাষ্ট্ৰ জিলাৰ বুলধনাত ভয়ংকৰ দুৰ্ঘটনা(Buldhana Bus accident) ৷ বুলধনাত ভয়ংকৰ বাছ দুৰ্ঘটনাত ৬ গৰাকী যাত্ৰীৰ নিহত আনহাতে ২১ জন যাত্ৰী আহত । শনিবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা(6 passengers dead and 21 injured in collision between two buses in Buldana) ।
আৰক্ষীৰ তথ্য অনুসৰি মলকাপুৰ অঞ্চলৰ নন্দুৰ নাকা উৰণীয়া সেতুত ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে পুৱা প্ৰায় ২.৩০ বজাত দুখন বাছৰ মুখামুখি সংঘৰ্ষ হয়।
বালাজী ট্ৰেভেলছ নামৰ কোম্পানীটোৰ এখন বাছ অমৰনাথ তীৰ্থযাত্ৰাৰ পৰা হিংগোলী জিলালৈ উভতি অহাৰ বিপৰীতে আনখন বাছ ৰয়েল ট্ৰেভেলছ কোম্পানীৰ মালিকানাধীন নাছিকমলৈ গৈ আছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
নন্দুৰ নাকাত এখন বাছে আনখন বাছক অভাৰটেক কৰাৰ পিছত দুয়োৰে সংঘৰ্ষ হয়। ছয়জন যাত্ৰীৰ মৃত্যু হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। আহত প্ৰায় ২১ জন লোকক বুলধনাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সামান্য আঘাতপ্ৰাপ্ত ৩২ জন যাত্ৰীক ওচৰৰ গুৰুদ্বাৰাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে।
দুখন যাত্ৰীবাহী বাছৰ সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত ৬ গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ পৰিৱৰ্তে আন ২১ গৰাকী যাত্ৰী আহত হয় বুলি জানিব পৰা গৈছে । শনিবাৰে পুৱা ৩ বজাত মুম্বাইৰ নাগপুৰ ঘাইপথৰ মালকাপুৰৰ সমীপৰ ফ্লাই অভাৰত সংঘটিত হয় এই দুৰ্ঘটনাটো ।
অমৰনাথৰ পৰা তীৰ্থযাত্ৰা সমাপ্ত কৰি হিংগোলীলৈ গৈ থকা সময়তে এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ বাছখনৰ নম্বৰ MH 08. 9458 । বাছখনত ৩৫ ৰ পৰা ৪০ গৰাকী তীৰ্থযাত্ৰী আছিল বুলি জানিবলৈ পৰা গৈছে । আনহাতে দুৰ্ঘটনাগ্ৰস্ত আনখন বাছ নাগপুৰৰ পৰা নাচিকৰ অভিমুখে যাত্ৰা কৰিছিল ৷ MH 27 BX 4466 নম্বৰৰ যাত্ৰীবাহী বাছখনত ২৫ ৰ পৰা ৩০ গৰাকী যাত্ৰী আছিল বুলি জানিবলৈ পৰা গৈছে ।
মালকাপুৰ চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৬ নং ঘাইপথত দুয়োখন যাত্ৰাবাহী বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত দুয়োখন যাত্ৰীবাহী বাছ বেয়াকৈ ক্ষতিগ্ৰস্ত হয় বুলি জানিবলৈ পৰা গৈছে । দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক । আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । আহতসকলৰ কিছুসংখ্যকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক বুলধানাৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে । মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ।
উল্লেখ্য শেহতীয়াকৈ বুলধনা জিলাত সংঘটিত হৈছে বৃহৎ বাছ দুৰ্ঘটনা। ১ জুলাইত জিলাখনৰ সমৰুদ্ধি-মহামাৰ্গ এক্সপ্ৰেছৱে’ত বাছখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত তিনিটা শিশুসহ কমেও ২৫ জন লোক অগ্নিদগ্ধ হোৱাৰ লগতে আন ৮ জন লোক আহত হৈছিল।
সেই দুৰ্ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাণ হেৰুওৱা লোকসকলক গভীৰ শোক প্ৰকাশ কৰিছিল ।
মুখ্যমন্ত্রী একনাথ শিন্দেও এই দুর্ঘটনাক লৈ দুখ প্রকাশ কৰি মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছিল ৷
ইয়াৰ পূৰ্বে ২৩ মে’ত বুলধনা জিলাৰ নাগপুৰ-পুনে ঘাইপথত এখন বাছে এখন ট্ৰাকত খুন্দা মৰাৰ ফলত ৭জন লোকৰ মৃত্যু হৈছিল, আৰু ১৩জন লোক আহত হৈছিল ।
লগতে পঢ়ক : Woman shot dead in Delhi : দিল্লীৰ ৰাজপথত মহিলাক গুলীয়াই হত্যা, নিজেও আত্মহত্যা