Dead Body Recovered: ট্ৰেন্সফাৰ্মাৰত লাগি মৃত্য়ু অচিনাক্ত ব্যক্তিৰ
গুৱাহাটী, ২৮জুলাই : মহানগৰীত চাঞ্চল্যকৰ ঘটনা । মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ !মহানগৰীৰ ছয়মাইলত উদ্ধাৰ মৃতদেহ(unidentified dead body recovered in guwahati) ।
জানিব পৰা মতে, শুকুৰবাৰে পুৱাই মহানগৰীৰ ছয়মাইলত উৰণীয়া সেঁতুৰ ট্ৰেন্সফৰ্মাৰৰ তলত মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে(Dead Body Recovered) । বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই লোকজনৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰে । কিয়নো উন্মুক্ত ট্ৰান্সফাৰ্মাৰত লাগি উক্ত লোকজনৰ মৃত্যু হয়।মৃতদেহ উদ্ধাৰ হোৱা ব্যক্তিজন মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱা হেতুকে ছয়মাইল উৰণীয়া সেঁতুৰ ওচৰে পাজৰে ঘূৰি ফুৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।
শুকুৰবাৰে ছয়মাইলৰ ট্ৰেন্সফৰ্মাৰৰ তলত মৃতদেহটো প্ৰত্যক্ষ কৰি দিশপুৰ আৰক্ষী খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় দিশপুৰ আৰক্ষী আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে (one dies due to transphar main guwahati sixmile) ।
ব্যক্তিজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই । উল্লেখ্য যে, ঘটনাটোৰ বিদ্যুৎ বিভাগৰ গাফিলতি বাবে হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । কিয়নো যিটো ট্ৰেন্সফৰ্মাৰৰ তলত ঘটনাটো সংঘটিত হৈছে সেই ট্ৰেন্সফৰ্মাৰটোৰ চাৰিওফালে বেৰ দিয়া আছিল যদিও কোনো ধৰনৰ তলা লগোৱা নাছিল । মাত্ৰ এডাল খিলি লগোৱা আছিল । যাৰ ফলত আজি ব্যক্তিগৰাকীয়ে ট্ৰেন্সফৰ্মাৰটোৰ ভিতৰত সোমাই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে(unidentified dead body recovered near sixmile flyover in guwahati) ৷
উল্লেখ যোগ্য যে, পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে। বিদ্যুৎ বিভাগৰ এনে কাৰ্যক বাবে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিভিন্নলোকে।
লগতে পঢ়ক : Woman shot dead in Delhi : দিল্লীৰ ৰাজপথত মহিলাক গুলীয়াই হত্যা, নিজেও আত্মহত্যা