Local, Vocal, Global

World Hepatitis day 2023 : আজি বিশ্ব হেপাটাইটিচ দিৱস ,জানো আহক এই দিৱস কিয় পালন কৰা হয়

নিউজ ডেস্ক, ২৮জুলাই : সমগ্ৰ বিশ্বতে প্ৰতিবছৰে ২৮ জুলাইত পালন কৰা হয় বিশ্ব হেপাটাইটিচ দিৱস ৷এই দিৱস পালন কৰাৰ মুখ্য উদ্দেশ্য হৈছে হেপাটাইটিচ সম্পৰ্কে জনসজাগতাৰ সৃষ্টি কৰা আৰু ইয়াৰ প্ৰতিৰোধ, প্ৰতিকাৰ সম্পৰ্কে জনসাধাৰণৰক অৱগত কৰোঁৱা।

হেপাটাইটিচ সম্পৰ্কে জনসজাগতাৰ সৃষ্টিৰ বাবে বিভিন্ন সংস্থাই ২০০০ চনৰ পৰাই এই হেপাটাইটিচ দিৱস উদযাপন কৰি আহিছে ৷ ২০১০ চনৰ মে’ মাহত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সভাৰ ৬৩তম অধিবেশনত বিশ্ব হেপাটাইটিছ দিৱস ২৮ জুলাইত পতাৰ সিদ্ধান্ত কৰা হয় (World Hepatitis day 2023) ।

উল্লেখ্য় যে, হেপাটাইটিছ বি ভাইৰাছৰ আৱিষ্কাৰক ১৯৭৪ চনৰ নোবেল বঁটা বিজয়ী চিকিৎসা বিজ্ঞানী বাৰুছ চেমুৱেল ব্লুমবাৰ্গৰ সন্মানৰ অৰ্থে তেওঁৰ জন্মদিনত এই দিৱস উদযাপনৰ বাবে বাচি লোৱা হৈছিল।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি বছৰে কোটি কোটি মানুহ হেপাটাইটিছত আক্ৰান্ত হয় আৰু বছৰি লক্ষাধিক লোক মৃত্যু হয় ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এক ৰিপৰ্ট মতে ২০১৫ চনত বিশ্বত ১.৪ মিলিয়ন লোকৰ মৃত্যু হয় ৷ বিশ্বত প্ৰায় ৩৬ কোটি লোক হেপাটাইটিচ ৰোগত গভীৰভাৱে আক্ৰান্ত ৷ আৰু ভাৰতত ইয়াৰ সংখ্যা ৪ কোটিৰো অধিক।

মনকৰিবলগীয়া যে, হেপাটাইটিচ হৈছে পাঁচ প্ৰকাৰৰ ৷ হেপাটাইটিচ এ, হেপাটাইটিচ বি, হেপাটাইটিচ চি, হেপাটাইটিচ ডি আৰু হেপাটাইটিচ ই ৷ইয়াৰে বি আৰু চি হৈছে মাৰাত্মক ইয়াক কৰ্নিক হেপাটাইটিচ বোলা হয় ৷ এ আৰু ই সিমান জটিল নহয়। হেপাটাইটিচ এ দুখিত খাদ্য বা পানীৰ ফলত হয় (World Hepatitis Day Importance Of Early Diagnosis For Prevention And Successful Treatment Of This Cond)।

হেপাটাইটিচ বি সংক্ৰমিত ৰক্ত বা শৰীৰৰ কোনো তৰল পদাৰ্থৰ সংস্পৰ্শত আহিলে বিয়পিব পাৰে ৷ হেপাটাইটিচ চি সংক্ৰমিত ব্যক্তিৰ ৰক্ত বা ইনজেকচন ব্যৱহাৰৰ ফলত বিয়পিব পাৰে ৷ হেপাটাইটিচ ডি ভাইৰাছৰ দ্বাৰ বিয়পে ৷

হেপাটাইটিচ বি দ্বাৰ আক্ৰান্ত ব্যক্তিহে হেপাটাইটিচ ডি হোৱাৰ সম্ভাৱনা থাকে ৷ হেপাটাইটিচ বি আৰু ডি একেসময়তে হ’লে পৰিস্থিতিৰ জটিল হৈ পৰে। হেপাটাইটিচ ই ভাইৰাছ মানুহৰ মুখৰ দ্বাৰা শৰীৰলৈ বিয়পিব পাৰে । হেপাটাইটিচ ই ভাইৰাছ সংক্ৰমিত পানী খোৱাৰ ফলত শৰীৰত প্ৰৱেশ কৰে ।

সময়মতে সঠিক নিদান আৰু চিকিৎসা নকৰিলে হেপাটাইটিছৰ পাৰ্শ্বক্ৰিয়াই ক্ৰমান্বয়ে যকৃতৰ কাৰ্য্যক্ষমতা দুৰ্বল কৰি পেলায় আৰু বহুদিনৰ পিছত যকৃতে কাম বন্ধ কৰি দিয়ে । এই গুৰুতৰ চিকিৎসাজনিত অৱস্থাক লিভাৰ ফেইলাৰ বোলা হয় । হেপাটাইটিছ বি আৰু চি সময়মতে ধৰা নপৰে আৰু সঠিক চিকিৎসা নকৰিলে দুয়োটাৰে যকৃতৰ চিৰ’ছিছ বা যকৃতৰ কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ হ’ব পাৰে ।

লগতে পঢ়ক : Love Jihad controversy: বিতৰ্কৰ আৱৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা