Local, Vocal, Global

Modi vs Congress : প্ৰধানমন্ত্ৰী আৰু কংগ্ৰেছ নেতাৰ মাজত বাকযুদ্ধ তীব্ৰগতিত

নেশ্যনেল ডেস্ক,২৭জুলাই : মণিপুৰৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলৰ মাজত বাকযুদ্ধ চলি আছে(Prime Minister Narendra Modi) । মণিপুৰৰ ঘটনাক লৈ সংসদৰ ভিতৰে-বাহিৰে প্ৰধানমন্ত্ৰী মোদীক তীক্ষ্ণ বাক্য বাণেৰে থকা সৰকা কৰি আহিছে বিৰোধীয়ে ।কেৱল ইয়াক লৈয়ে নহয় আন কেতবোৰ বিষয়ৰ ওপৰত কংগ্ৰেছে মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ( Modi vs Congress) ।

ইফালে কংগ্ৰেছে বৃহস্পতিবাৰে সংসদত দিয়া উত্তৰক লৈ কেন্দ্ৰক তীব্ৰ সমালোচনা কৰি কয় যে বিগত পাঁচ বছৰত কোনো নতুন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (Indian Institute of Technology) আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (Indian Institute of Management) মুকলি কৰা হোৱা নাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয় ইমান মিছা কয় ?

কংগ্ৰেছে চৰকাৰক আক্ৰমণ কৰি টুইট কৰে, “প্ৰধানমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত কৈছিল যে , আজি ভাৰতত প্ৰতিবছৰে এখনকৈ নতুন আই আই টি আৰু নতুন আই আই এম প্ৰতিষ্ঠা কৰা হৈছে । এতিয়া চৰকাৰে ৰাজ্যসভাক কৈছে যে যোৱা ৫ বছৰত এখনো নতুন আই আই টি আৰু আই আই এম প্ৰতিষ্ঠা কৰা হোৱা নাই । প্ৰধানমন্ত্ৰী মোদীয়ে ইমান মিছা কথা কিয় কয় ?

আনহাতে , ৰাজ্যসভাত শিক্ষা ৰাজ্যিক মন্ত্ৰী সুভাষ সৰকাৰে এক লিখিত উত্তৰত কয় যে বৰ্তমান দেশত ২৩ খন আই আই টি আৰু ২০ খন আই আই এমে কাম কৰি আছে । “বিগত পাঁচ বছৰত কোনো নতুন আই আই টি বা আই আই এম খোলা হোৱা নাই ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘ইণ্ডিয়া’ই দেশৰ প্ৰতি গুৰুত্ব নিদিয়ে । “ইণ্ডিয়া লেবেলৰ দ্বাৰা তেওঁলোকে তেওঁলোকৰ পুৰণি কাম, ইউপিএৰ কামবোৰ ঢাকি ৰাখিব বিচাৰে । যদি তেওঁলোকে সঁচাকৈয়ে ভাৰতৰ বিষয়ে চিন্তা কৰিছিল, তেন্তে তেওঁলোকে বিদেশীসকলক ভাৰতত হস্তক্ষেপ কৰিবলৈ ক’লেহেঁতেননে?

তেওঁলোকে এবাৰ ‘ইন্দিৰা ইজ ইণ্ডিয়া, ইণ্ডিয়া ইজ ইন্দিৰা’ শ্লোগান দিছিল । সেই সময়ত, তেওঁলোকক মানুহে উৎখাত কৰিছিল । অহংকাৰী লোকসকলে ইয়াৰ পুনৰাবৃত্তি কৰিছে । তেওঁলোকে কয় ‘ইউপিএ হৈছে ভাৰত, ভাৰতেই হৈছে ইউপিএ’ । মানুহে তেওঁলোকক আকৌ এবাৰ পূৰ্বৰ দৰে একেই ব্যৱহাৰ কৰিব।”

লগতে পঢ়ক : Rahul Gandhi replies to Modis speech : আপুনি আমাক যি নামেৰেই নামাতক লাগিলে, আমি মণিপুৰৰ চকুলো মচিম, প্ৰধানমন্ত্ৰীক প্ৰত্যুত্তৰ ৰাহুল গান্ধীৰ