Local, Vocal, Global

Man Elephant conflict : গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ

গোৱালপাৰা,২৭জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Goalpara)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

এইবাৰ গোৱালপাৰাত হাতী মানুহৰ সংঘাত ( Man Elephant confli in Goalpara)। গোৱালপাৰাৰ হাৰীমূৰা দহিকাটা গাঁৱত বন্যহস্তীয়ে চলাইছে তাণ্ডৱত । বন্যহস্তীৰ বাবে এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী ।
এইবাৰ গোৱালপাৰাৰ দহিকাটা গাঁৱৰ পথাৰত দেখা গ’ল কেবাটাও বন্যহস্তী ৷ বন্যহস্তীৰ জাকটোৱে পথাৰত চলাইছে তাণ্ডৱ। বন্যহস্তীৰ জাকটোক জুই লৈ খেদাৰ চেষ্টা ৰাইজৰ ৷ কিন্তু মূহুৰ্ততে বন্যহস্তীৰ জাকটোৱে চোঁচা ল’লে ৰাইজৰ ফালে ৷ উপায়ন্তৰ হৈ প্ৰাণৰ মমতাত পথাৰে পথাৰে দৌৰিলে গঞাই ৷

এই ভয়ংকৰ ঘটনাৰ সমগ্ৰ দৃশ্যাংশ বন্দী হ’ল ম’বাইল কেমেৰাত ৷ হাতী-মানুহৰ সংঘাতৰ এটিয়াই চিন্তিত কৰি তুলিছে এতিয়া সকলোকে ৷ এই বন্যহস্তীৰ জাকটোৱে নিদ্ৰা হৰণ কৰিছে গোৱালপাৰাৰ হাৰীমূৰা দহিকাটা গাঁওবাসীৰ ৷ সেয়ে বিভাগীয় কৰ্তৃপক্ষক উক্ত অঞ্চলটোৰ পৰা শীঘ্ৰে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ অনুৰোধ জনাইছে স্থানীয় লোকে।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি।

লগতে পঢ়ক : Cattle thief beaten to death : মৰিগাঁৱৰ হত্যাৰ ঘটনাৰ সৈতে জড়িত ৫জন আটক