Karnataka flood: কৰ্ণাটকত বানৰ ভয়ংকৰ ৰূপ, নিহত ৩৮, আহত কেইবাগৰাকীকৈ লোক
নেশ্যনেল ডেস্ক, ২৭জুলাই : প্ৰকৃতিৰ ভয়ংকৰ ৰূপ। দেশৰ কেইবাখনো ৰাজ্যত প্ৰকৃতিয়ে লৈছে এতিয়া ভয়ংকৰ ৰূপ (Karnataka flood) । গুজৰাট, উত্তৰাখণ্ড, হিমাচল প্ৰদেশৰ লগতে কৰ্ণাটকৰ বিভিন্ন অঞ্চলত প্ৰৱল বৃষ্টিপাত হোৱা দেখা গৈছে । যাৰ ফলত ৰাজ্যখনত বানে লৈছে ভয়ংকৰ ৰূপ ।ইফালে কৰ্ণাটকৰ বেংগালুৰুত বানে লৈছে ভয়ংকৰ ৰূপ । যাৰ ফলত কৰ্ণাটকৰ বেংগালুৰুত স্তব্ধ হৈ পৰিছে প্ৰায় জনজীৱন (several death in karnataka due to floods) ।
নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানে কেইবাটাও ঠাইত যথেষ্ট ক্ষতি হৈছে । প্ৰকৃতিৰ এনে ৰূপত ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন ।
প্ৰকৃতিক এনে ৰুদ্ৰ ৰূপত ৰাজ্যখনত এতিয়ালৈ প্ৰায় ৩৮ গৰাকী লোক মৃত্যু মুখত পৰে ।
জানিব পৰা মতে, এই ঘটনাৰ সম্পৰ্কে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই বুজ লয় আৰু মৃত লোকসকলৰ পৰিয়ালক ক্ষতিপূৰণ হিচাবে ৫ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই ।
সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যখনত বাৰিষা কিছু দেৰিকৈ আহিছে আৰু কিন্তু কিছুমান ঠাইত যথেষ্ট বৰষুণ হৈ আছে আৰু বানপানীৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত যথেষ্ট ক্ষতিসাধন হৈছে ।লগতে তেওঁ কয় যে বানপানীৰ ফলত ৩৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে( govt provides rs 5 lakh to victims family) ।
আনহাতে মুখ্যমন্ত্ৰীয়ে জনোৱা মতে,এতিয়ালৈকে ৩৫ গৰাকী লোক আহত হৈছে । বানৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস হৈছে ৫৭ টা ঘৰ আৰু ২০৮ টা ঘৰৰ যথেষ্ট ক্ষতি হৈছে । ইফালে ৰাজ্যখনৰ বানৰ ফলত আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ২,৬৮২ টাকৈ ঘৰ ।লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,ভয়ংকৰ বানৰ ফলত কমেও ১০৫ টা পশুধনৰ মৃত্যু হয় । ১৮৫ হেক্টৰ কৃষি ভূমি প্লাৱিত হোৱাৰ ফলত শস্য নষ্ট হৈছে । ৩৫৬ হেক্টৰ এলেকাৰ উদ্যান শস্যও নষ্ট হৈছে । যাৰ ফলত কৃষকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে (several death in karnataka due to floods govt provides rs 5 lakh to victims family)।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে,এতিয়ালৈকে ১১,৯৯৫ টা বৈদ্যুতিক খুটাৰ ক্ষতি হৈছে । ৮৯৪ টা ট্ৰেন্সফৰ্মাৰো ক্ষতি হৈছে । তেওঁ উল্লেখ কৰা মতে ২১৫ কিলোমিটাৰ অঞ্চলৰ বিদ্যুৎ যোগান কৰ্তন কৰা হৈছে । বানৰ ফলত ১৮৯ খন দলং, ৮৫৯ খন বিদ্যালয়ৰ কোঠা, ৮ টা প্ৰাথমিক কেন্দ্ৰ, ২৬৯ টা অংগনৱাড়ী কেন্দ্ৰও ক্ষতিগ্ৰস্ত হৈছে ।
ইফালে বানপীড়িতৰ বাবে ২ টা সাহায্য কেন্দ্ৰ স্থাপন কৰা হৈছে । মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই জনোৱা মতে আশ্ৰয় শিবিৰত এতিয়ালৈ প্ৰায় ৫০ গৰাকী লোকে আশ্ৰয় লৈছে ।
লগতে পঢ়ক : Monsoon Fury: ৰেড এলাৰ্ট জাৰি, দুদিনৰ বাবে বন্ধ শিক্ষানুষ্ঠান