Local, Vocal, Global

Monsoon Fury: ৰেড এলাৰ্ট জাৰি, দুদিনৰ বাবে বন্ধ শিক্ষানুষ্ঠান

ইন্টাৰনেশ্যনেল ডেস্ক,২৬জুলাই : ৰুষ্ট প্ৰকৃতি, বিপৰ্যস্ত জনজীৱন! প্ৰৱল বৃষ্টিপাতৰ ফলত দক্ষিণ ভাৰতত স্তব্ধ প্ৰায় জনজীৱন (Monsoon Fury) । এইবাৰ উত্তৰ ভাৰতৰ দৰে দক্ষিণ ভাৰততো বানৰ তাণ্ডৱ(Monsoon Fury Shifts To South India) । প্ৰৱল বৃষ্টিপাতৰ ফলত দক্ষিণ ভাৰতত একাধিক ৰাজ্যত বানপানীৰ সৃষ্টি হৈছে ।

নেৰানেপেৰা বৰষুণ ফলত ৰাজ্য খনৰ কেইবাটও ঠাইত যথেষ্ট ক্ষতি হৈছে । যাৰ ফলত ৰাজ্যখনৰ বহুকেইটা অঞ্চলত বিস্তৰ ক্ষতি সাধন হৈছে।প্ৰকৃতিৰ এনে ৰূপত ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন ।

কৰ্ণাটক, তামিলনাডু আৰু কেৰালাত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰু ইয়াৰ ফলত এই তিনিখন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে (Red Alert For Heavy Rain In Three States) ।

উল্লেখ্য যে, কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ এনে সতৰ্কতাৰ প্ৰতি লক্ষ্য ৰাখি তেলেংগানাত বিদ্যালয়সমূহ দুদিনৰ কাৰণে বন্ধ ঘোষণা কৰিছে। দুদিন পাছত বতৰৰ প্ৰতি লক্ষ্য কৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব দিয়ে ।

জানিব পৰা মতে,, দক্ষিণ ভাৰতত বিগত কেইবাদিন ধৰি অব্যাহত আছে বৰষুণ ।ফলত সৰু বৰ সকলো নদ, নদী পানীৰে ভৰি পৰিছে । বৰষুণ অব্যাহত থকাত ৰাজ্য কেইখনৰ খেইবাখনো জিলাতে জনসাধাৰণৰ জীৱন বিপৰ্যস্ত হৈ পৰিছে (Very heavy to extremely heavy rain alert issued in these southern states)।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰৱল বৃষ্টিপাতৰ ফলত মঙ্গলবাৰে কৰ্ণাটকত চাৰি জন লোকৰ মৃত্যু হয় ।আনহাতে ১ জুনৰ পৰা ২৪ জুলাই পৰ্যন্ত ২৭ জনকৈ লোকৰ মৃত্যু হৈছে বুলি প্ৰশাসনে জানিব দিয়ে। ইয়াৰে অধিকাংশৰ মৃত্যুৰ কাৰণ ব্ৰজপাত বুলি উল্লেখ কৰে ।

উল্লেখ যোগ্য যে , মঙ্গলবাৰে তামিলনাডুত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত বাঢ়িনী পানীত ২ কিশোৰী উটি গৈছে। এখন সৰু নদী পাৰ হোৱাৰ সময়ত এই ঘটনা সংঘটিত হৈছে।

লগতে পঢ়ক : Young Man Married Third Gender : তৃতীয় লিংগৰ লগত বিয়া পাতি বিপদত এজন ব্যক্তি, হত্যাৰ ভাবুকি পৰিয়ালৰ