Local, Vocal, Global

Urban Forest to Build in Guwahati : মহানগৰীক প্ৰদূষণ মুক্ত কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ, বৰবাৰীৰ পাহাৰত ৰোপন কৰা হ’ব ১৪শ গছ পুলি

নিউজ ডেস্ক, ২৬ জুলাই : গুৱাহাটী মহানগৰীত ভয়ংকৰ হাৰত পৰিৱেশ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে (Urban Forest to Build in Guwahati) অতিমাত্ৰা পৰিৱেশ প্ৰদূষণে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে। পৰিৱেশ প্ৰদূষণৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰিছে ৷

অসম চৰকাৰে গুৱাহাটীৰ বৰবাৰীৰ ৪ বৰ্গ কিলোমিটাৰ এলেকাত ঘন জংঘলৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৷ ইয়াৰ বাবে বৰবাৰীৰ ৪ বৰ্গ কিলোমিটাৰ এলেকাত একেলগে ১৪ শ গছপুলি ৰোপন কৰা হ’ব(Urban Forest to Build in Guwahati)।

ইতিমধ্যে গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ অধীনত পৰিৱেশ প্ৰদূষণ ৰোধৰ বাবে এই নতুন প্ৰকল্পৰ DPR প্ৰস্তুত কৰা হৈছে ৷ মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে এই নতুন প্ৰকল্পৰ কথা প্ৰকাশ কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ GMDA বিভাগে এই প্ৰকল্পৰ কাম কাজ আৰম্ভ কৰিছে(Assam government mulling to build forest in heart of Guwahati) ৷

দীৰ্ঘদিনে মহানগৰীৰ পাহাৰসমূহত চলা বন ধ্বংস যজ্ঞ তথা অবাধ জনবসতিয়ে পৰিৱেশ ভাৰসাম্যহীন কৰি তুলিছে ৷ যাৰবাবে বছৰি গুৱাহাটীত AQI মাত্ৰা বৃদ্ধি পাইছে ৷ তথ্য অনুসৰি ২০২২ চনৰ ১৬ জানুৱাৰীত গুৱাহাটীত AQI মাত্ৰা ২২০ আছিল ৷ একেদৰে চলিত বৰ্ষৰ ১৬ জানুৱাৰীত ৩৬৫ AQI সূচাংক হৈছে ৷ এই পৰিৱেশ সূচাংক মানুহৰ বসবাস তথা সুষ্ঠ জীৱন যাপনৰ বাবে এক প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে ৷

লগতে পঢ়ক : Cattle thief beaten to death : মৰিগাঁৱৰ হত্যাৰ ঘটনাৰ সৈতে জড়িত ৫জন আটক