Golaghat Triple Murder : আজি ৰাজ্য কঁপোৱা গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ বুজ ল’ব মুখ্যমন্ত্ৰীয়ে
![](https://mynewsne.com/wp-content/uploads/2023/07/ুপুপুপুৰি-750x430.jpg)
নিউজ ডেস্ক, ২৬ জুলাই : ৰাজ্য জোকাৰি যোৱা গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডই উন্মোচন কৰিছে ন ন তথ্য(Golaghat Triple Murder)প্ৰেম বিবাহৰ পৰা হত্যাকাণ্ডলৈ হত্যাকাৰী নাজিবুৰ ৰহমানৰ ওপৰত উত্থাপন হোৱা অভিযোগে ঘটনাক অন্য দিশে ঢাল খুৱাইছে(CM will take stock of triple murder case)।
পৰিস্থিতিৰ বুজ ল’বলৈ আজি গোলাঘাটলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্য কঁপোৱা ট্ৰিপল মাৰ্ডাৰ কেছৰ ভুক্তভোগী পৰিয়ালটোৰ খবৰ ল’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
গোলাঘাট চহৰৰ মাজমজিয়াত সংঘটিত ট্ৰিপল মাৰ্ডাৰ ঘটনাত সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ নৃশংস হত্যাকাণ্ডৰ পাছত মঙলবাৰে গোলাঘাটৰ দুৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী তথা স্থানীয় বিধায়িকা অজন্তা নেওগ ৷ ভুক্তভোগী পৰিয়ালটোৰ কণিষ্ঠ কন্যা অংকিতা ঘোষক সাক্ষাৎ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে পৰিয়ালটোক সাক্ষাৎ কৰি আৱেগিক হৈ পৰে ৷ অংকিতা ঘোষক সাক্ষাতৰ পিছতে সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী অজন্তা নেওগে ৷
ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি মন্ত্ৰী নেওগে কয় যে, ‘‘আমি মৰ্মাহত ৷ অতি দুৰ্ভাগ্যজনক ঘটনা ৷ এই ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীয়ে মোক ফোন কৰি সমগ্ৰ ঘটনাৰ খবৰ লৈছে ৷ অসমৰ বাহিৰত থকাৰ বাবে ইয়ালৈ আহিব পৰা নাছিল ৷ বুধবাৰে ইয়ালৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এই ঘটনাৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ হৈছে ৷ CID য়ে তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে ৷’’
আনহাতে হত্যাকাণ্ডত পৰিয়ালৰ আন এজন লোক জড়িত আছে বুলি অংকিতা ঘোষে কৰা মন্তব্যৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে বুধবাৰে সকলো কথা প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷
উল্লেখযোগ্য যে নাজিবুৰ ৰহমান বৰা নামৰ লোকজনে পত্নী আৰু শাহু–শহুৱেৰকক নৃশংসভাৱে হত্যা কৰিছিল। হত্যাকাণ্ডৰ পিছতে ৯ মহীয়া কণমানি সন্তানক লৈ থানাত উপস্থিত হৈছিল অভিযুক্ত নাজিবুৰ। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । মঙলবাৰে চিআইডি আৰু ফৰেনছিকৰ দলে ঘটনাস্থলীত তদন্ত চলাই উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যৱহৃত দা ।
লগতে পঢ়ক : Namrup BVFCL : বন্ধ নহয় নামৰূপৰ সাৰ কাৰখানা, বৰং আধুনিকীকৰণহে কৰা হ’ব