Umakanta Bairagi passed away : হাতত টোকাৰীখন লৈ টোকাৰীগীত গাবলৈ আৰু নাই প্ৰখ্যাত শিল্পী উমাকান্ত বৈৰাগী
নিউজ ডেস্ক, ২৬ জুলাই : টোকাৰী গীতৰ সম্রাট উমাকান্ত বৈৰাগীৰ দেহাৱসান(Umakanta Bairagi passed away) । বুধবাৰে পুৱা ৭.১০ বজাত হেঙেৰাবাৰীৰ কাঞ্চন নগৰৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে (Renowned Folk Artist Umakanta Bairagi Passes Away)। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল উমাকান্ত বৈৰাগী ।
ওৰেটো জীৱন টোকাৰীখনকে সাৰথি কৰি বৈৰাগীয়ে গঢ়ি তুলিছিল এক সুকীয়া পৰিচয় ৷ তেখেতৰ কণ্ঠত যেন থিতাপি লৈছিল আই সৰস্বতীয়ে ৷ কিন্তু আজি সেই টোকাৰীৰ যেন গুণা ছিগি গ’ল ৷ হাতত টোকাৰীখন লৈ টোকাৰীগীত গাবলৈ আমাৰ মাজত আৰু নাই প্ৰখ্যাত শিল্পী উমাকান্ত বৈৰাগী ৷
মাটিৰ দেহাটি এৰি অনন্ত ধামলৈ গতি কৰিলে অসমৰ লোক-সংস্কৃতিৰ অবিৰত সাধক, টোকাৰী গীতৰ সম্ৰাট স্বৰূপ তথা সংগীত নাটক একাডেমী বঁটা প্ৰাপক উমাকান্ত বৈৰাগীয়ে ৷ ১৯৪২ চনত ডিব্ৰুগড় জিলাৰ খোৱাঙত জন্মগ্ৰহণ কৰিছিল এইগৰাকী লোকশিল্পীয়ে ৷ শৈশৱৰ পৰাই ককাদেউতাকক দেখি টোকাৰী গীত আৰু টোকাৰীৰ প্ৰতি আকৃষ্ট হৈছিল উমাকান্ত বৈৰাগী । লোক সংগীত সাধনাৰ বাবেই তেওঁ সৈনিকৰ চাকৰি পৰ্যন্ত প্ৰত্যাখ্যান কৰিছিল ।
স্বপ্ৰতিভাৰে উজ্জল এই শিল্পীগৰাকীক আকাশবাণী গুৱাহাটী কেন্দ্ৰই ১৯৬৯ চনত নিয়মীয়া শিল্পীৰূপে স্বীকৃতি দিছিল ৷ ১৯৭১ চনত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই তেওঁক বৈৰাগী উপাধি প্ৰদান কৰিছিল ৷ বিগত কেইবা দশক ধৰি টোকাৰী গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে অসমীয়া লোক-সংকৃতিৰ ভঁৰাল চহকী কৰা উমাকান্ত বৈৰাগী যোৱা বৰ্ষৰ ডিচেম্বৰৰ পৰা অসুস্থ হৈ আছিল । অৱশেষত বুধবাৰে পুৱা গুৱাহাটীৰ হেঙেৰাবাৰীৰ কাঞ্চন নগৰৰ নিজা বাসভৱনত পুৱা ৭.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে লোকশিল্পীগৰাকীয়ে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ ৷
উল্লেখ্য যে ২০১৩-১৪ বৰ্ষত সংগীত নাটক একাডেমী সন্মানেৰে সন্মানিত হৈছিল বিশিষ্ট শিল্পীগৰাকী। লোকসংস্কৃতিৰ সাধকগৰাকীয়ে লাভ কৰিছিল প্রতিমা পাণ্ডে বঁটাও । শিল্পী পেন্সন, ড০ ভূপেন হাজৰিকা সংহতি বঁটাও লাভ কৰিছিল উমাকান্ত বৈৰাগীয়ে । বিহু নাচ, ভাওনা, দিহানাম আদিৰো চৰ্চা কৰিছিল বৈৰাগীয়ে । তাৰোপৰি সদৌ টাই আহোম সমাজৰ স্বীকৃতি বঁটা লাভ কৰিছিল উমাকান্ত বৈৰাগীয়ে ৷ তেওঁ প্ৰায় ১৪০০ টোকাৰী গীত ৰচনা কৰি থৈ গৈছে ৷
শাৰীৰিক অসুস্থতাত ভুগি থকা লোকশিল্পী উমাকান্ত বৈৰাগীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে আগবঢ়াইছিল ১ লাখ টকাৰ আৰ্থিক সাহায্য ।
এই মহান শিল্পীগৰাকীৰ মৃত্যুয়ে শোকৰ ছা পেলাইছে ৰাজ্যত।