DCW chief Swati Maliwal’s Visit in Manipur : মণিপুৰৰ নিৰ্যাতনৰ বলি হোৱা পৰিয়ালক সাক্ষাৎ দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালৰ

নেশ্যনেল ডেস্ক, ২৫ জুলাই : মণিপুৰত নিৰ্যাতনৰ বলি পোৱা ভূক্তভুগী পৰিয়ালৰ ওচৰত উপস্থিত দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱৰ(DCW chief Swati Maliwal’s Visit in Manipur)। নিজ চকুৰে মণিপুৰৰ মহিলাৰ দুৰ্দশা দেখি কান্দি উঠিল স্বাতি মালিৱাল । ভুক্তভোগী মহিলাৰ কান্ধত ধৰি হুক-হুকাই কান্দিলে স্বাতিয়ে ।
ৰাজ্যখনৰ কুকি আৰু মেইটেই সকলৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত আন এক জঘন্য ঘটনা পোহৰলৈ আহিছিল মণিপুৰত। দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথত পেৰেড চলাই যৌন নিৰ্যাতন চলোৱা কুকী মহিলাৰ ওচৰত দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱৰ । মঙলবাৰে দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে সাক্ষাৎ কৰে ভূক্তভুগী পৰিয়ালক(Delhi Women’s Commission chief Swati Maliwal) । নিজ চকুৰে মণিপুৰৰ মহিলাৰ দুৰ্দশা দেখি কান্দি উঠিল স্বাতি মালিৱাল । ভুক্তভোগী মহিলাৰ কান্ধত ধৰি হুক-হুকাই কান্দিলে স্বাতিয়ে ।
ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰাৰ পিছতে নিজৰ টুইটযোগে তেও ক’লে “মণিপুৰত নৃশংসতাৰ বলি হোৱা কন্যাৰ পৰিয়ালক লগ পালোঁ । তেওঁলোকৰ এই চকুলোৱে মোক বহুদিন শুবলৈ নিদিয়ে । এতিয়ালৈকে কোনোৱে তেওঁক লগ কৰিবলৈ অহা নাই । “মণিপুৰৰ দুগৰাকী কন্যাৰ পৰিয়ালক লগ পাইছিলো যিসকলক পাশৱিক নিৰ্যাতন চলোৱা হৈছিল। এগৰাকী ছোৱালীৰ স্বামীয়ে জোৱান হৈ থকাৰ সময়তে দেশৰ সীমা ৰক্ষা কৰিছিল । তেওঁ মোক কৈছিল যে এতিয়ালৈকে তেওঁক লগ কৰিবলৈ কোনেও অহা নাই, মইয়েই প্ৰথমে তেওঁৰ ওচৰ পালোঁ ।
ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰাৰ পাছত মহিলা পেনেলৰ মুৰব্বীগৰাকীয়ে মৈৰাঙত থকা সাহায্য শিবিৰটো পৰিদৰ্শন কৰে ।
উল্লেখ্য দেওবাৰে বিয়লি জনগোষ্ঠীয় সংঘাতপূৰ্ণ ৰাজ্যখনত উপস্থিত হৈ মালিৱালে কয় যে মণিপুৰ ভ্ৰমণ কৰি তেওঁ ৰাজনীতিত লিপ্ত হ’ব নিবিচাৰে বৰঞ্চ ৰাইজক সহায় কৰিব বিচাৰে। মালিৱালে কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীক ৰাজ্যখন ভ্ৰমণ কৰি মানুহৰ দুখ-কষ্টৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনাব।
উল্লেখ্য যে ইয়াৰ পূৰ্বে দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে শনিবাৰে অভিযোগ উত্থাপন কৰিছিল যে মণিপুৰ চৰকাৰে তেওঁক হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাজ্যখন ভ্ৰমণৰ অনুমতি প্ৰদান কৰা নাছিল। আৰু ৪ মে’ত ৰাজ্যখনত কুকি মহিলাদুগৰাকীক উলংগ হৈ পেৰেড কৰা ভিডিঅ’টোত যৌন নিৰ্যাতনৰ বলি হোৱা লোকসকলৰ সৈতে কথা পাতিবলৈ বাধা দিয়া হৈছিল।
লগতে পঢ়ক : Mizoram Protest : মণিপুৰৰ কাণ্ডক লৈ মিজোৰামৰ আইজলত প্ৰতিবাদ স্থানীয় ৰাইজৰ