Local, Vocal, Global

Illegal Myanmar nationals : হিংসাত্মক পৰিস্থিতিৰ মাজতে ম্যানমাৰৰ ৭১৮ জন নাগৰিকৰ মণিপুৰত প্ৰৱেশ, আছাম ৰাইফলছক ঘূৰাই পঠিওৱাৰ নিৰ্দেশ চৰকাৰৰ

নেশ্যনেল ডেস্ক, ২৫ জুলাই : হিংসা জৰ্জৰিত মণিপুৰত দৈনিক ন ন তথ্য পোহৰলৈ আহিছে (Illegal Myanmar nationals) । গোষ্ঠীগত সংঘৰ্ষৰ মাজতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ ম্যানমাৰৰ পৰা অহা লোকে অধিক বিপর্যয় সৃষ্টি কৰিছে ৰাজ্যখনত । যোৱা ২২ আৰু ২৩ জুলাইত মণিপুৰত প্ৰৱেশ ৭১৮ জন ম্যানমাৰৰ নাগৰিকৰ (illegal Myanmar nationals entered in Manipur)

ম্যানমাৰৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ মাজতে দেশৰ ৭০০ৰো অধিক নাগৰিকে মণিপুৰত প্ৰৱেশ কৰিছে । দেশত সেনা আৰু অসামৰিক বাহিনীৰ মাজত চলি থকা সংঘৰ্ষৰ বাবে মণিপুৰৰ চান্দেল জিলাত ৩০১টা শিশু আৰু ২০৮গৰাকী মহিলাকে ধৰি ৭১৮গৰাকী ম্যানমাৰ নাগৰিকে প্ৰৱেশ কৰিছে বুলি সোমবাৰে এগৰাকী বিষয়াই প্ৰকাশ কৰে । ইপিনে, মণিপুৰত গোষ্ঠী সংঘাত এতিয়াও চলি আছে।

মণিপুৰৰ মুখ্য সচিব বিনীত যোশীয়ে এক বিবৃতিত কয় যে ৰাজ্য চৰকাৰে ম্যানমাৰৰ নাগৰিকসকলক ঘূৰাই পঠিয়াবলৈ আছাম ৰাইফলছক নিৰ্দেশ দিছে। চৰকাৰে এই ৭১৮ জন ম্যানমাৰ নাগৰিকক চান্দেল জিলাত কিয় আৰু কেনেকৈ নাগৰিকসকলক উপযুক্ত নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া হ’ল সেই সন্দৰ্ভতো প্ৰতিবেদন বিচাৰিছে চৰকাৰে ।

মণিপুৰৰ মুখ্য সচিব ড৹ ভিনিত যোশীয়ে জনোৱা অনুসৰি , যোৱা ২২ আৰু ২৩ জুলাইত ম্যানমাৰৰ পৰা লাজং সীমান্তই দি মণিপুৰৰ চাণ্ডাল জিলাত এই ম্যানমাৰৰ নাগৰিকসকলে প্ৰৱেশ কৰিছে । মুঠ ৭১৮ জন ম্যানমাৰৰ অনুপ্ৰবেশকাৰীৰ ভিতৰত ২০৯ জন পুৰুষ ২০৮ গৰাকী মহিলা আৰু ৩০১ টা শিশু আছে ।

মুখ্য সচিব যোশীয়ে জনায় যে, সীমান্তত থকা অসম ৰাইফলছক কেন্দ্ৰীয় গৃহ বিভাগৰ নিৰ্দেশ অনুসৰি মণিপুৰ চৰকাৰে ইতিপূৰ্বেই অৱগত কৰিছিল যে ম্যানমাৰৰ সীমান্তই দি কোনো নাগৰিক যাতে উপযুক্ত ভিছা আৰু ভ্ৰমণ সূচীৰ লগতে বায়মেট্ৰিক চিহ্ন নোলোৱাকৈ প্ৰৱেশ কৰিব নোৱাৰে ৷ এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবেও পৰামৰ্শ দিয়া হৈছিল । এই সমগ্ৰ ঘটনা সন্দৰ্ভত অসম ৰাইফলছৰ ২৮ নং চেক্টৰৰ মুখ্য কাৰ্যালয় পৰা চাণ্ডাল জিলাৰ উপায়ুক্তলৈ ২৩ জুলাইত সবিশেষ তথ্য প্ৰেৰণ কৰে আৰু পৰৱৰ্তী ব্যৱস্থাৰ বাবে আহ্বান জনায় । কেৱল এইয়াই নহয়, মণিপুৰত ম্যানমাৰৰ অবৈধ বিদেশী শৰণাৰ্থী আৰু বিদেশী পূৰ্বতেও আহিছিল ৷ বৰ্তমান ৩ মে’ৰ হিংসাত্মক ঘটনাৰ পাছত সহস্ৰাধিক ম্যানমাৰৰ বিদ্ৰোহী, বিদেশী নাগৰিকৰ দৈনিক প্ৰৱেশ ঘটি আহিছে ।

উল্লেখ্য যে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰত সামৰিক অধিগ্ৰহণৰ পিছত হাজাৰ হাজাৰ ম্যানমাৰৰ লোক মিজোৰামলৈ পলায়ন কৰিছিল। ম্যানমাৰৰ প্ৰায় ৩৫ হাজাৰ পুৰুষ-মহিলা আৰু শিশু বৰ্তমান মিজোৰামত বসবাস কৰি আছে । একে সময়তে প্ৰায় ৫০০০ ম্যানমাৰৰ লোক মণিপুৰত আশ্ৰয় লৈছিল । মণিপুৰৰ ম্যানমাৰৰ সৈতে প্ৰায় ৪০০ কিলোমিটাৰ আৰু মিজোৰামৰ সৈতে প্ৰায় ৫১০ কিলোমিটাৰ উন্মুক্ত সীমা আছে।

উল্লেখ্য যে, ম্যানমাৰৰ তামু জিলা ভাৰতৰ উত্তৰ পশ্চিম দিশত অৱস্থিত অৰ্থাৎ মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চল হোৱাৰ বাবে উগ্ৰপন্থী সংগঠনৰ লোকে সঘনাই বিনাদ্বিধাই প্ৰৱেশ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে । কিন্তু এই অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সক্ষম নহল মণিপুৰ চৰকাৰ কিম্বা কেন্দ্ৰীয় চৰকাৰ ।

লগতে পঢ়ক : Monsoon Session 2023: সদনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিবলৈ সাজু চৰকাৰ