Monsoon Session 2023: সদনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিবলৈ সাজু চৰকাৰ

নেশ্যনেল ডেস্ক, ২৫জুলাই : আজি সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ চতুৰ্থটো দিন । যোৱা তিনিটা দিনত দেখা গ’ল সদনৰ উত্তাল পৰিৱেশ । বিগত তিনিটা দিনটো মণিপুৰৰ ঘটনাক লৈ সদন উত্তাল হৈ আছিল আৰু মণিপুৰৰ ঘটনাক লৈ বিৰোধী দলসমূহৰ সাংসদসকলে হুলস্থূল অব্যাহত ৰখাৰ বাবে অধিৱেশনৰ তৃতীয় দিনাও স্থগিত ৰাখিবলগীয়া হৈছিল সদনৰ কাম-কাজ । মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ দুয়োখন সদনতে অচলাৱস্থাই বিৰাজ কৰিছে (Monsoon Session 2023) ।
আজি পুনৰ মণিপুৰৰ ঘটনাক লৈ সদন উত্তাল হোৱাৰ সম্ভৱনা আছে । গৃহ মন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ বিষয়ক লৈ আলোচনাৰ প্ৰস্তাৱ দিয়াৰ পাছতো বিৰোধীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ মনোযোগ দিয়া দেখা নাই ।
অৱশ্যে ইয়াৰ সুযোগ ল’ব পাৰে শাসকীয় চৰকাৰে । কিয়নো বিৰোধীৰ হুলস্থূলৰ সুযোগ লৈ কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰাৰ বাবে সাজু হৈছে চৰকাৰ(Several important bills are set to be introduced in both Houses) ।
সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে কোৱা মতে আজি বৰ্ষাকালীন অধিৱেশনত ৰাজ্যসভাত তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে । সংবিধান (অনুসূচীত জনজাতি) আদেশ (পঞ্চম সংশোধনী) বিধেয়ক ২০২২ (ছত্তীশগড় ৰাজ্যৰ সন্দৰ্ভত){The Constitution (Scheduled Tribes) Order (Fifth Amendment) Bill 2022}, সংবিধান (অনুসূচীত জনজাতি) আদেশ (তৃতীয় সংশোধনী) বিধেয়ক ২০২২ (হিমাচল প্ৰদেশ ৰাজ্যৰ সন্দৰ্ভত) {The Constitution (Scheduled Tribes) Order (Third Amendment) Bill 2022}আৰু চিনেমাটোগ্ৰাফ (সংশোধনী) বিধেয়ক ২০২৩ বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰা হ’ব বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছে ।
একেদৰে লোকসভাতো সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে বহু-ৰাজ্যিক সমবায় সমিতি (সংশোধনী) বিধেয়ক ২০২২, জৈৱবৈচিত্ৰ (সংশোধনী) বিধেয়ক ২০২২ আৰু জন বিশ্বাস (ব্যৱস্থা সংশোধনী) বিধেয়ক ২০২৩ বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰিব(taking advantage of the uproar in the opposition the government is set to introduce several important bills in both houses) ।
লগতে পঢ়ক : Parliament monsoon session : স্থগিত ৰাজ্যসভাৰ বৰ্ষাকালীন অধিৱেশনৰ কাম-কাজ