Cattle thief beaten to death : মৰিগাঁৱত গণপ্ৰহাৰত মৃত্যু ছাদ্দাম হুছেইনৰ

মৰিগাঁও, ২৫জুলাই : মৰিগাঁৱৰ আঁহতগুৰিত তীব্ৰ উত্তেজনা । সোমবাৰে নিশা গৰু চুৰিক কেন্দ্র কৰি সৃষ্টি হয় চাঞ্চল্যকৰ পৰিৱেশৰ । গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ গণপ্ৰহাৰত প্ৰাণ গ’ল গৰু চোৰৰ ।
কলিয়া দাস নামৰ স্থানীয় এজন লোকৰ গোহালিৰ পৰা গৰু চুৰি কৰিবলৈ গৈছিল চোৰৰ দলটো । কলিয়া দাসৰ পত্নীয়ে জনোৱা মতে, চোৰকেইটা দেখিয়েই তেওঁ চোৰ চোৰ বুলি জোৰেৰে চিঞৰিবলৈ ধৰে ৷ উক্ত সময়তে কলিয়া দাসে চুবুৰীয়াৰ সহযোগত গৰু চোৰকেইটাক ধৰিবলৈ সক্ষম হয় ( cattle thief beaten to death in Morigaon)।
ঘটনা অনুসৰি ,সোমবাৰে নিশা মৰিগাঁৱৰ আঁহতগুৰিত এঘৰ মানুহৰ ঘৰত গৰু চোৰ কৰিবলৈ আহিছিল ৬টাকৈ গৰু চোৰে । এনে সময়তে স্থানীয় লোকে হাতে -লোটে ধৰা পেলাই গৰু চোৰ কেইটাক কিন্তু তাৰে মাজৰে তিনিজন এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে যদিও বাকী তিনিজনজনক হাতে লোটে ধৰে স্থানীয় লোকে ।
স্থানীয় লোকে ক্ষোভিত হৈ নিৰ্মমভাৱে প্ৰহাৰ কৰে গৰু চোৰ কেইটাক লগতে চোৰকেইটাই ব্যৱহাৰ কৰা বাহনখনটো অগ্নিসংযোগ কৰে বুলি জানিবলৈ পৰা গৈছে (Morigaon cattle thief one died by mob attack)।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় জিলাখনৰ সহকাৰী আৰক্ষী আযুক্ত আৰু চোৰকেইটাক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে । চোৰ কেইটা ক্ৰমে ছাদ্দাম হুছেইন, বিল্লাল আলী আৰু মিৰাজুল হক বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, ৰাইজৰ গণ প্ৰহাৰত ইতিমধ্যে এজন চোৰৰ মৃত্যু ঘটে বুলি জানিবলৈ পৰা গৈছে ৷ মৰিগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল এজন চোৰক আৰু চিকিৎসালয়ত মৃত্যু হয় । মৃত চোৰটোৰ নাম ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে চিকিৎসাধীন হৈ আছে আন দুটা চোৰ বিল্লাল আলী আৰু মিৰাজুল হক (Morigaon cattle thief one died by mob attack) ৷
উল্লেখ্য যে,এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰে যদিও উত্তেজিত ৰাইজে আৰক্ষীৰ ওপৰতো আক্ৰমণ চলায়। আৰক্ষীৰ বাহনতো আক্রমণ কৰে উত্তেজিত লোকৰ। ঘটনা সন্দৰ্ভত বৰ্তমানো তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত( cattle thief beaten to death in Morigaon)।
লগতে পঢ়ক : Drugs paddler arrested: কৰিমগঞ্জ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী