Local, Vocal, Global

Drugs paddler arrested: কৰিমগঞ্জ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

কৰিমগঞ্জ, ২৫জুলাই : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে (Drugs paddler arrested in karimganj )।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

এইবাৰ কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন । আৰক্ষীয়ে চলোৱা নিৰবিচ্ছিন্ন অভিযানৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ নিচাজাতীয় সামগ্ৰীৰ।আৰক্ষীয়ে কৰিমগঞ্জত চলাইছিল অভিযান আৰু আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত জিলাখনৰ পৰা আটক হৈছে হেৰ’ইন সহ দুই সৰবৰাহকাৰী । সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে হেৰ’ইনৰ লগতে নগদ ধন। সৰবৰাহকাৰী দুজন মইনুল হক আৰু আব্দুল হান্নান বুলি জানিবলৈ পৰা গৈছে(Drugs paddler arrested) ৷

জানিব পৰা মতে, আৰক্ষীয়ে প্ৰথমে মইনুল হক নামৰ এজন সৰবৰাহকাৰীক আটক কৰাৰ পিছত কৰিমগঞ্জৰ কানিশাইল এলেকাৰ বাসগৃহৰ পৰা হেৰ’ইন সহ আটক কৰা হয় আব্দুল হান্নান নামৰ আন এজন সৰবৰাহকাৰীক । দুই সৰবৰাহকাৰীৰ পৰা সৰ্বমুঠ চাৰিটা চাবোনৰ বাকচৰ পৰা হেৰ’ইন জব্দ কৰাৰ লগতে হান্নানৰ ঘৰৰ পৰা নগদ ১ লাখ ১২ হেজাৰ ৯০০ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ।

আব্দুল হান্নান নামৰ সৰবৰাহকাৰী জনে দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল লগতে ইয়াৰ পূৰ্বেও আব্দুল হান্নানক ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীয়ে হান্নানৰ ঘৰৰ কোঠাৰ দৰ্জা ভাঙিহে অভিযান চলাবলগীয়াত হৈছিল ৷ বৰ্তমান মইনুল হক আৰু আব্দুল হান্নানক আৰক্ষীয়ে আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Yaba Tablets Seized in Silchar: শিলচৰত জব্দ বৃহৎ পৰিমাণৰ য়াবা টেবলেট