GP Singh reacts to ULFA threat : আলফাৰ ভাবুকিৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ জি পি সিঙৰ

নিউজ ডেস্ক, ২৪ জুলাই : পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন) (ULFA-I)ৰ পৰা লাভ কৰা ভাবুকিৰ পিছতে সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে(DGP GP Singh )। বিদ্ৰোহী সংগঠনটোৰ ভাবুকি প্ৰসঙ্গত সিঙে কোনো ধৰণৰ নতুনত্ব নাই বুলি মন্তব্য কৰে(GP Singh reacts to ULFA threat)।
আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে লগতে তেওঁৰ দীৰ্ঘদিনীয়া আৰক্ষী জীৱনত বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ পৰা এনে ভাবুকি লাভ কৰিছে বুলি উল্লেখ কৰে ।
জি পি সিঙে কয় যে “এয়া কোনো নতুন কথা নহয় । মোৰ কেৰিয়াৰৰ ১৫-২০ বছৰত বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ পৰা এনেধৰণৰ ভাবুকি পাই আহিছো আৰু সেয়া কেৱল অসমতে সীমাবদ্ধ নহয়। চৰকাৰে আমাক ন্যস্ত কৰা কামৰ বাবে আমাক ধন দি থকাৰ বাবে ভাবুকিবোৰৰ কোনো তাৎপৰ্য্য নাই বুলি মই অনুভৱ নকৰো।”
তেওঁ লগতে কয়, “আমি আমাৰ কাম কৰিবলৈ দৰমহা পাওঁ আৰু এনে ভাবুকিক গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজনীয়তা মই দেখা নাই।”
উল্লেখ্য যে, আলফা (স্বাধীন) এ শেহতীয়াকৈ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনটোৱে জিপি সিঙক স্থানীয় লোকৰ বিৰুদ্ধে ভুৱা এনকাউণ্টাৰ কৰা বন্ধ কৰিবলৈ সকিয়নি দিছিল লগতে ৰাজ্য এৰি যাব লাগে বুলি ৰাজহুৱাভাৱে ভাবুকি দিয়াৰ এদিন পিছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জি পি সিঙে ।
ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ জোৱানে নিষিদ্ধ সংগঠনটোৰ সৈতে সন্দেহজনক সম্পৰ্কৰ অভিযোগত ডিব্ৰুগড় জিলাত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই ভাবুকি পত্ৰ জাৰি কৰিছে আলফা স্বাধীনৱে ।
এক বিবৃতি যোগে সংগঠনটোৱে ধৃত মহিলাগৰাকীৰ আলফা (স্বাধীন)-ৰ সৈতে কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰি সংগঠনৰ নাম মিছাকৈ ব্যৱহাৰ কৰি অসমৰ মানুহক হাৰাশাস্তি কৰা বন্ধ কৰিবলৈ দাবী জনাইছিল।
আলফা (স্বাধীন)-এ লগতে ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা শিৱসাগৰ জিলাৰ হেম চেতিয়া নামৰ ব্যক্তিগৰাকীৰো সংগঠনটোৰ সৈতে কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছিল ।
লগতে পঢ়ক : Lizard Enters Mouth Of Child : আঢ়ৈ বছৰীয়া এটি শিশুৰ মুখত জেঠী সোমাই মৃত্যু শিশুটিৰ