Local, Vocal, Global

Man Elephant conflict : জামুগুৰিহাটত বন্যহস্তীৰ তাণ্ডৱ, বনৰীয়া হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰিলে বাসগৃহ

শোণিতপুৰ, ২৪জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

এইবাৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলত চলিছে বনৰীয়া হাতীৰ সন্ত্ৰাস ( Man Elephant confli in Sonitpur) ৷ যোৱা কিছুদিন ধৰি খাদ্যৰ সন্ধানত নামেৰি বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে খেতি পথাৰৰো অনিষ্ট কৰিছে ৷ বনৰীয়া হাতীৰ জাকৰ পৰা দিশহাৰ হৈ অহা এটা প্ৰকাণ্ড হাতীয়ে দেওবাৰে নিশা অঞ্চলটোৰ বৰদিকৰাই মিৰি গাঁৱত সন্ত্ৰাস চলাই ভানুমতি পাঠক নামৰ ব্যক্তি গৰাকীৰ সুলভ মূল্যৰ দোকান ভাঙি পেলোৱাৰ লগতে ছয় বস্তাকৈ চাউল ভক্ষণ কৰে লগতে অন্যান্য সামগ্ৰীও অনিষ্ট কৰে ৷

দুখীয়া দৰিদ্ৰ ৰাইজক বিতৰণৰ বাবে আনি থোৱা এই চাউল অনিষ্ট কৰাৰ লগতে কেইবাটাও গঞাঁ ৰাইজৰ বাসগৃহত আক্ৰমন কৰে ৷ বনৰীয়া হাতীৰ সন্ত্ৰাসৰ মাজতে বিদ্যুতৰ লুকা ভাকুত অতিস্থ হৈ পৰিছে বৰদিকৰাই মিৰি গাওঁবাসী ৰাইজ ৷ অঞ্চলটোৰ ৰাইজে বনবিভাগক অতি শীঘ্ৰে বনৰীয়া হাতীৰ সন্ত্ৰাস প্ৰতিৰোধৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে( Man Elephant confli in Jamugurihat) ৷

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া। এনেধৰণৰ পৰিস্থিতিৰ কিয় সৃষ্টি হৈছে ? কাৰণ যদিহে এনে ধৰণৰ ঘটনা ভৱিষ্যতে সংঘটিত হৈয়ে থাকে, তেতিয়াহ’লে ইয়াক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ’ব।

লগতে পঢ়ক : Wild elephanat death : পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু