Local, Vocal, Global

Sudan air crash: বিমান দুৰ্ঘটনা, সামৰিক জোৱানসহ মৃত্যু ৯ জনৰ

ইন্টাৰনেশ্যনেল ডেস্ক, ২৪জুলাই : ছুডানত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ৷ ছুডানত বিমান দুৰ্ঘটনাগ্ৰস্ত । দেওবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।কাৰিকৰী বিজুতিৰ ফলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে(Nine killed in Sudan air crash army cites technical issue) ।

প্ৰাপ্ত তথ্য অনুসৰি, সামজিক মাধ্যমযোগে দেওবাৰে দেশখনৰ সেনাৰ সূত্ৰই জনাই যে,আজি প’ৰ্ট ছুডান বিমানবন্দৰত কাৰিকৰী বিজুতিৰ ফলত এখন অসামৰিক এণ্ট’ন’ভ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ফলত ৪ জন সামৰিক জোৱানকে ধৰি মুঠ ৯ জন লোকৰ মৃত্যু মুখত পৰে । এই শোকাৱহ দুৰ্ঘটনাটোত এটি শিশু কথমপি ৰক্ষা পৰে বুলি জানিব পৰা গৈছে ( Nine including 4 soldiers killed in crash due to technical failure) ।

উল্লেখ যোগ্য যে,বিগত ১৫ এপ্ৰিলৰ পৰা দেশখনত আৰম্ভ হৈছিল যুদ্ধ।কিন্তু বৰ্তমানেও দেশখনলৈ শান্তি ঘূৰাই আনিব পৰা নাই মধ্যস্থাতাকাৰী শক্তিবোৰে। দেশখনৰ সশস্ত্ৰ সংঘাতে ১০০টা দিন পাৰ কৰিলে ।

জানিব পৰা মতে, ১৫ এপ্ৰিলত সেনা আৰু অৰ্ধসামৰিক ৰেপিড ছাপৰ্ট ফৰ্চৰ মাজত এই যুদ্ধৰ সূচনা হৈছিল । তেতিয়াৰ পৰাই দেসখনৰ পৰা ৩০ লাখতকৈ অধিক লোকক দেশ এৰি পলাবলৈ বাধ্য কৰোৱা হৈছিল ৷ চুবুৰীয়া দেশলৈ পলায়ন কৰা লোকৰ সংখ্যা ৭ লাখতকৈ অধিক বুলি তথ্য লাভ কৰা হৈছে (Sudan air crash) ।

স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা পোৱা তথ্য অনুসৰি, ১১৩৬ জন লোকৰ মৃত্যু হৈছে এই সংঘাতৰ ফলত কিন্তু বিষয়াসকলে ইয়াৰ সংখ্যা অধিক হ’ব বুলি দাবী কৰে । এই সংঘাতৰ ফলত সাধাৰণ জীৱন যাত্ৰা বিপদাপন্ন হৈ পৰিছে ৷ উল্লেখ্য যে, বিগত 8 জুলাইত দেশখনত হোৱা গোলাবৰ্ষণৰ ফলত কমেও ২২ জন লোক নিহত হৈছিল আৰু বহু লোক আহত হোৱা বুলিও জানিব পৰা গৈছিল ।

লগতে পঢ়ক : Bangladesh bus accident : শোকাৱহ পথ দুৰ্ঘটনা,নিহত ১৭ জন, আহত ৩৫ জনকৈ লোক