Bangladesh bus accident : শোকাৱহ পথ দুৰ্ঘটনা,নিহত ১৭ জন, আহত ৩৫ জনকৈ লোক

নেশ্যনেল ডেস্ক, ২৩জুলাই : এক শোকাৱহ পথ দুৰ্ঘটনা । শণিবাৰে সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো(Bangladesh bus accident) ।
প্ৰাপ্ত তথ্য অনুসৰি, বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত হয় শোকাৱহ ঘটনা ৷বাংলাদেশৰ ঝালাকাঠী সদৰ উপজিলাৰ অন্তৰ্গত ছাত্ৰকাণ্ড অঞ্চলত শনিবাৰে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ জানিব পৰা মতে এখন যাত্ৰীবাহী বাছ পুখুৰীত বাগৰি পৰে আৰু পুখুৰীত বাচখন ডুব যায় ।ফলত শিশুসহ নিহত হয় ১৭ জন লোক লগতে আহত হয় ৩৫জনকৈ যাত্ৰী (over 35 injured as bus plunges into pond in Bangladesh)।
খবৰ অনুসৰি বাছখনত যাত্ৰীৰে ভৰি আছিল আৰু অত্য়াধিক যাত্ৰী কঢ়িৱাই অনাৰ বাবে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । বাছখনত ৫২ জন যাত্ৰী কঢ়িওৱা ক্ষমতা আছিল কিন্তু তাৰ পৰিবৰ্তে বাছখনে ৬০ জনৰো অধিক যাত্ৰী কঢ়িয়াই আনিছিল(17 killed as bus plunges into pond in Bangladesh over 30 injured) ।
উল্লেখ্য যে যাত্ৰীবাহী বাছখন পিৰোজপুৰৰ ভাণ্ডাৰীয়াৰ পৰা “বছাৰ স্মৃতি পৰিবহন”ৰ বৰিশাল অভিমুখী গৈ আছিল । যাত্ৰীবাহী “বছাৰ স্মৃতি পৰিবহন”ৰ বৰিশাল অভিমুখী বাছখন শণিবাৰে পুৱা ৯মান বজাত পিৰোজপুৰৰ ভাণ্ডাৰীয়াৰ পৰা ওলায় অহাৰ অলপ পিছতে বৰিশাল-খুলনা ঘাইপথৰ ছাত্ৰকাণ্ডৰ পথৰ কাষৰ পুখুৰীত বাগৰি পৰে আৰু ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো (17 Killed Many Injured As Bus Veers Off Road and Falls Into Large Roadside)।
এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
জিলাখনৰ চিভিল চাৰ্জন ডাঃ জহিৰুল ইছলামে জনোৱা মতে, উদ্ধাৰ কৰ্মীয়ে ১৩টা মৃতদেহ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰাৰ বিপৰীতে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আন চাৰিজনৰ মৃত্যু হয়। আহতসকলৰ ভিতৰত পাঁচজনক বৰিশালৰ শ্বেৰ-ই-বাংলা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বাকীসকলক স্থানীয় স্বাস্থ্যসেৱাত ভৰ্তি কৰা হৈছে বুলি জানিব দিয়ে।
লগতে পঢ়ক : Maharashtra landslide: মহাৰাষ্ট্ৰত ভয়ংকৰ ভূমিস্খলন, মৃতকৰ সংখ্যা ২২জনলৈ বৃদ্ধি