Fake QR Code user arrested : ভুৱা QR Code মেচিন লগাই ধন আত্মসাতৰ নতুন কৌশল প্ৰৱঞ্চক চক্ৰৰ
নিউজ ডেস্ক, ২০ জুলাই : এইবাৰ ধন আত্মসাতৰ নতুন কৌশল প্ৰৱঞ্চক চক্ৰৰ (Fake QR Code user arreste)। ভূৱা QR Code মেচিন ব্যৱহাৰ কৰি ধন আত্মসাত কৰা যুৱকক আটক । কিছুদিন পূৰ্বে প্ৰেংক পেটিএম এপ ব্যৱহাৰ কৰি একাংশ যুৱকে ব্যৱসায়ীসকলক কৌশলেৰে প্ৰৱঞ্চনা কৰাৰ এক ঘটনা পোহৰলৈ আহিছিল। এইবাৰ যোৰহাটত ভয়ংকৰ আন এক প্ৰৱঞ্চনাৰ তথ্য পোহৰলৈ আহিছে। অনলাইন পেমেণ্টৰ বাবে দোকানসমূহত দুষ্টচক্ৰই যোগান ধৰিছিল ভুৱা QR Codeৰ মেচিন। এই বিশেষ কৌশলৰ জৰিয়তে ধন আত্মসাৎ কৰা প্ৰৱঞ্চক চক্ৰৰ এজন সদস্যক যোৰহাট আৰক্ষীয়ে আটক কৰিছে।
যোৱা ১৮ জুলাইত যোৰহাটৰ পুলিবৰ আৰু মৰিয়নি থানাত এই প্ৰৱঞ্চনাৰ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু হৈছিল। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে যোৰহাটৰ বিভিন্ন প্ৰান্তত থকা দোকানসমূহত অনলাইন পেমেণ্টৰ নামত ভুৱা QR Codeৰ মেচিন লগাই টকা আত্মসাৎ কৰাৰ কৌশল ৰচিছিল দুষ্টচক্ৰই ।
অৱশেষত যোৰহাট আৰক্ষীৰ অভিযানত এই বৃহৎ চক্ৰটোৰ এজন সদস্য জালত পৰে । আৰক্ষীয়ে আটক কৰিছে গুৱাহাটী হাটীগাঁৱৰ জাছিমুদ্দিন আহমেদ (৩২ বছৰ) নামৰ যুৱকজনক। লগতে ভুৱা জিঅ’ ছিম প্ৰস্তুত কৰি বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰি অহা দুজন ব্যক্তিকো যোৰহাট আৰক্ষীয়ে আটক কৰিছে। ধৃত লোকদুজন হ’ল শিৱসাগৰৰ বকতা নেমুগুৰীৰ পাৰ্থ প্ৰতিম বৰা (২৫ বছৰ), আৰু বকতা নেমুগুৰীৰ প্ৰিন্স ফুকন (২৫ বছৰ)।
উল্লেখ্য অনলাইন প্ৰৱঞ্চনাৰ এই বৃহৎ চক্ৰটোৰ বিৰুদ্ধে অসমৰ বৰপেটা, গুৱাহাটী, গোলাঘাটকে ধৰি বিভিন্ন থানাত কেইবাটাও গোচৰ ৰুজু হৈ আছে। যোৰহাট আৰক্ষীয়ে গোচৰ ৰুজু হোৱাৰ এদিনৰ ভিতৰতে এই ম’ষ্ট ৱাণ্টেড চক্ৰটোৰ এজন সদস্যক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে ভুৱা QR Code লগাই ধন আত্মসাতৰ দৰে দুষ্কাৰ্য সংঘটিত কৰি অহা এই চক্ৰটোৰ বাকী সদস্যসকলৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
লগতে পঢ়ক : Monsoon Session of Parliament: আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন